বিশিষ্ট চিকিৎসক আভাৰাণী বৰাৰ মৃত্যু

গুৱাহাটীৰ বিশিষ্ট চিকিৎসক আভাৰাণী বৰাই সোমবাৰে পুৱা মৃত্যুক সাৱটি লয়৷ বিগত কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল ডাঃ বৰা। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৬ বছৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱা চিকিৎসকগৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী লৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা। চৰকাৰী চিকিৎসক হিচাপে সোণাৰি, জাগীৰোড, ৰঙিয়া, গুৱাহাটীত আদিত সেৱা আগবঢ়াই স্বাস্থ্যজনিত কাৰণত স্বেচ্ছা অৱসৰ লৈছিল। শেহতীয়াকৈ ডাঃ বৰাই গুৱাহাটীৰ এপল’ এক্সেলকেয়াৰ হাস্পতালত সেৱা আগবঢ়াই আছিল৷ ৰোগী আৰু অভিভাৱকৰ মাজত অত্যন্ত জনপ্ৰিয় আছিল চিকিৎসকগৰাকী। মৃত্যুৰ সময়ত আভাৰাণী বৰাই চিকিৎসক স্বামী ডাঃ দীপক দাসৰ লগতে দুই পুত্ৰক এৰি থৈ গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...