বিশিষ্ট চিকিৎসক আভাৰাণী বৰাৰ মৃত্যু

গুৱাহাটীৰ বিশিষ্ট চিকিৎসক আভাৰাণী বৰাই সোমবাৰে পুৱা মৃত্যুক সাৱটি লয়৷ বিগত কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল ডাঃ বৰা। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৬ বছৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱা চিকিৎসকগৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী লৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা। চৰকাৰী চিকিৎসক হিচাপে সোণাৰি, জাগীৰোড, ৰঙিয়া, গুৱাহাটীত আদিত সেৱা আগবঢ়াই স্বাস্থ্যজনিত কাৰণত স্বেচ্ছা অৱসৰ লৈছিল। শেহতীয়াকৈ ডাঃ বৰাই গুৱাহাটীৰ এপল’ এক্সেলকেয়াৰ হাস্পতালত সেৱা আগবঢ়াই আছিল৷ ৰোগী আৰু অভিভাৱকৰ মাজত অত্যন্ত জনপ্ৰিয় আছিল চিকিৎসকগৰাকী। মৃত্যুৰ সময়ত আভাৰাণী বৰাই চিকিৎসক স্বামী ডাঃ দীপক দাসৰ লগতে দুই পুত্ৰক এৰি থৈ গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...