অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত অসমৰ ৩২টা ষ্টেশ্যনৰ হ’ব পুনৰ বিকাশ

সমগ্ৰ দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেশ্যনৰ ৰূপান্তৰৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্রধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন উপলক্ষে নাৰেংগীত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত অসমৰ ৩২টা ষ্টেশ্যনৰো হ’ব পুনৰ বিকাশ

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে প্রধানমন্ত্ৰী মোদীয়ে গুৰুত্ব প্ৰদান কৰিছে – মুখ্যমন্ত্রী

বৰ্তমান ৰে’লৱে বাজেটত উত্তৰ পূবৰ বাবে ১০ হাজাৰ কোটি টকাৰ বিনিয়োগে ৰে’লৱেৰ পৰিৱেশ ৰূপান্তৰকৰণত সহায় কৰিব : মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত অসমৰ ৩২ টা ষ্টেশ্যনৰ পুনৰ বিকাশকে ধৰি সমগ্ৰ দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেশ্যনৰ ৰূপান্তৰ কৰণৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আধাৰশিলা স্থাপন উপলক্ষে গুৱাহাটীৰ নাৰেংগী ৰে’লৱে ষ্টেশ্যনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰায় ২৫ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে দেশৰ ৫০৮ টা ষ্টেশ্যনক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লগতে অসমৰ ৩২ টা ষ্টেশ্যনক ৯৯০ কোটি টকা বিনিয়োগেৰে আধুনিকীকৰণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ দেশে বর্তমান স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনলৈ ভাৰতৰ ৰূপান্তৰ আৰু বিকাশৰ যাত্ৰাক অমৃত কাল হিচাপে অভিহিত কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই অমৃত কালৰ সময়ছোৱাত মানৱ সম্পদ, আন্তঃগাঁথনি, শিক্ষা-ক্রীড়া আদি সকলো ক্ষেত্ৰত ভাৰত বিশ্বৰ সৰ্বোচ্চ ৰাষ্ট্ৰ হ’ব আৰু ২০৪৭ চনৰ ভিতৰত দেশে বিশ্ব গুৰুৰ আসন লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁ কয় যে বর্তমান ভাৰতবৰ্ষৰ অৰ্থনীতি বিশ্বৰ প্ৰথম ৫ খন ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। অতি কম দিনৰ ভিতৰত ভৰতবৰ্ষই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থনৈতিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব বুলি তেওঁ কয়। ৰূপান্তৰৰ যাত্ৰাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেশ্যনক আধুনিক পৰ্যায়লৈ লৈ যাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে আগন্তুক ২৫ বছৰত ভাৰতীয় ৰে’লৱেক আৰামদায়ক যাত্ৰা হিচাপে গঢ়ি তুলিব পৰা যায়। ইয়াৰ বাবে অমৃত ভাৰত ৰে’লৱে ষ্টেশ্যনৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ কয়। অসমৰ ৫০ টা ৰে’লৱে ষ্টেশ্যনক অমৃত ভাৰত ষ্টেশ্যন হিচাপে গঢ়ি

তোলাৰ পদক্ষেপ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁ কয় যে আজিৰে পৰা ইয়াৰে ৩২ টা ৰে’লৱে ষ্টেশ্যনৰ কামৰ শুভাৰম্ভ হ’ল।

মুখ্যমন্ত্ৰীয়ে কয় যে এই ৰে’লৱে ষ্টেশ্যনৰ নিৰ্মাণে যাত্রীসকলক নতুন অভিজ্ঞতা প্ৰদান কৰিব। বন্দে ভাৰত ৰে’লৰ সূচনা হোৱাৰ পিছত আজি যাত্ৰীসকলে বিমান পথৰ পৰিৱৰ্তে ৰে’লেৰে যাত্ৰা কৰিব বিচাৰে বুলিও তেওঁ কয় । এই বন্দে ভাৰত এক্সপ্ৰেছ দেশীয় প্রযুক্তিৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে উত্তৰ পূৱ সীমান্ত ৰে’লৱেত বহু নতুন কাম আৰম্ভ হৈছে। বৰ্তমান ৰে’ল বিভাগে জীৱাষ্ম ইন্ধনৰ সলনি বৈদ্যুতিক ৰে’ল পথৰ ব্যৱস্থা কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ মিটাৰ গজ ব্ৰড গজলৈ ৰূপান্তৰ সাধন হৈছে বুলিও তেওঁ কয়। তেওঁ কয় যে বগীবিল দলং ভাৰতীয় ৰে’লৱে ৰাজ্যবাসীক উপহাৰ দিছে। তেওঁ কয় যে এই বছৰ ৰে’লৱে বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১০ হাজাৰ কোটি টকা ৰখা হৈছে। ইয়াৰ ফলত উত্তৰ সীমান্ত ৰে’লৱেত দ্ৰুত পৰিৱৰ্তন সম্ভৱ হৈ উঠিব বুলি তেওঁ কয়। গুৱাহাটী ৰে’লেৱে ষ্টেশ্যনক জাপানৰ ৰে’লৱে ষ্টেশ্যনৰ আৰ্হিত প্রায় ৬০০ কোটি টকা ব্যয়ৰে অত্যাধুনিকভাৱে গঢ়ি তোলা হ’ব। একেদিনাই ৩২ টাকৈ ৰে’লৱে ষ্টেশ্যনক আধুনিকীকৰণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবেও মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, সাংসদ কুইন ওজা, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...