জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে | বৈঠকখনত বিগত সময়ৰ বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰাৰ লগতে চলিত বৰ্ষত কৰিব লগা বিভিন্ন কামৰ বিষয়ে আলোচনা কৰা হয় | মথাউৰি নিৰ্মাণ আৰু আন সুৰক্ষা ব্যৱস্থাৰ কামসমূহ কেনেধৰণৰ আঁচনিৰ অধীনত কৰা হ’ব সেই বিষয়ে আজি আলোচনা কৰাৰ লগতে প্ৰকল্পসমূহৰ আনুমানিক ব্যয়ৰ প্ৰাককলন প্ৰস্তুত বিষয়তো আলোচনা কৰা হয় | মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা মুখ্য অভিযন্তা আৰু আন বিভাগীয় অভিযন্তাসকলক উদ্দেশ্যি কয় যে প্ৰাককলন প্ৰস্তুতৰ ক্ষেত্ৰত যাতে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু অনাহকতে অধিক টকাৰ প্ৰাককলন প্ৰস্তুত কৰা নহয় তাৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰক | আজিৰ বৈঠকতে এই বৰ্ষত মথাউৰিসমূহ বহল কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি আলোচনা কৰি মাথো শেহতীয়াকৈ ওপৰেৰে নদীৰ পানী বৈ যোৱা মথাউৰিৰ অংশসমূহ ওখ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় |

বিভাগীয় অভিযন্তাসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰিকল্পিত মথাউৰি আৰু শ্লুইছগেটে অঞ্চল সমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিগত সময়ত লাহৰীঘাটত নিৰ্মাণ কৰা মথাউৰি আৰু শ্লুইছ্ গেটে একোটা বৃহত্তৰ অঞ্চলক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ ফলত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে এতিয়া কৃষি-কৰ্ম সহজ হৈ পৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে | লগতে বিগত সময়চোৱাত মাজুলীত নিৰ্মিত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিয়ে এক বৃহৎ অঞ্চলত কৃষি-কৰ্ম সূচল কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে । এনেদৰে মথাউৰি আৰু শ্লুইছগেটসমূহ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি তোলাৰ ফলত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই বৰ্ষও ইয়াৰ প্ৰতি লক্ষ ৰাখি পৰিকল্পিতভাৱে মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে । আনহাতে বিভাগীয় কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কামত গাফিলতি কৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে কঠোৰ হ’বলৈও আহ্বান জনায় |

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...