চৰকাৰী কাৰ্যালয়ত চুৰি বিদ্যুতেৰে সংগোপনে চলিছে কাম-কাজ

বৰ্তমান সময়ত বিদ্যুতৰ মাচুল বৃদ্ধি, সঘনাই হোৱা বিদ্যুতৰ লোড শ্বেডিং আদি সমস্যাই সাধাৰণ জনতাক বাৰুকৈয়ে জীয়াতু ভোগাইছে, ঠিক তেনে সময়তে টীয়কত চৰকাৰী কাৰ্যালয়ত চুৰি বিদ্যুৎ সংযোগৰে কাম-কাজ চলি অহা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাধাৰণতে প্ৰায়ে এমাহৰ বিদ্যুৎ বিল পৰিশোধ নকৰিলেই সাধাৰণ জনতাৰ ঘৰুৱা বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়, কিন্তু তেনে সময়ত টীয়কৰ এটা চৰকাৰী কাৰ্যালয়ত চোৰাংকৈ বিদ্যুৎ সংযোগ কৰা কাৰ্যত সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে। বিশেষ সূত্ৰযোগে প্ৰাপ্ত তথ্য অনুসৰি টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান উপ বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ জাঁজীমুখৰ জাঁজীমুখ গাঁও পঞ্চায়ত কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চোৰাং বিদ্যুৎ সংযোগেৰে কাম-কাজ অব্যাহত আছে। লগতে কাৰ্যালয়টোৰ সন্মুখ ভাগৰ পৰা বিপদজনক ভাবে সংযোগ কৰা এই বিদ্যুৎ যোগানেৰে কাৰ্যালয়টোৰ বিজুলী পাঙ্খা, বাল্ব ,কম্পিউটাৰ আদি ব্যৱহাৰ কৰি অহা হৈছে। চৰকাৰী কাৰ্যালয়তে চোৰাং বিদ্যুৎ সংযোগেৰে দীৰ্ঘদিন ধৰি কাম-কাজ চলি অহা কাৰ্যত সাধাৰণ জনতাৰ লগতে দল সংগঠন জাঙুৰ খাই উঠিছে লগতে শীঘ্ৰে এনে কাণ্ডৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...