ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আঁৰৰ কিছু কাহিনী…

২০২০ৰ জুনত লকডাউনৰ সময়ত অভিযুক্ত নাজিবুৰ আৰু সংঘামিত্ৰা ঘোষ চিনাকী হৈছিল ফেচবুকত আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্কৰ। ২০২০ৰ অক্টোবৰত দুয়ো কলকাতালৈ পলাই যায়। সংঘামিত্ৰা ঘোষৰ সন্ধান নোপোৱাত পিতৃ-মাতৃয়ে দিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে কলকাতাৰ পৰা সংঘামিত্ৰা ঘোষক উদ্ধাৰ কৰে। তেওঁলোকে কলকাতা আদালতত বিবাহ সম্পন্ন কৰিছিল। ২০২১ৰ ৬ মাৰ্চত সংঘামিত্ৰা ঘোষৰ পিতৃ-মাতৃয়ে চুৰিৰ অভিযোগত সংঘামিত্ৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে সংঘামিত্ৰা ঘোষক গ্ৰেপ্তাৰ কৰিছিল আৰু ৩৭ দিনৰ বাবে ন্যায়িক জিম্মাত ৰাখিছিল। ২০২১ৰ ১১ এপ্ৰিলত জামিন পোৱাৰ পিছত সংঘমিত্ৰাই নিজ পিতৃ-মাতৃৰ সৈতে বাস কৰিবলৈ লয়। ২০২২ৰ জানুৱাৰীত নাজিবুৰ আৰু সংঘমিত্ৰাই আকৌ এবাৰ চেন্নাইলৈ পলাই যায় আৰু তাত ৫ মাহ একেলগে থাকে। সেই সময়ছোৱাতেই সংঘামিত্ৰা অন্তসত্বা হয়। তাৰ পিছত তেওঁলোকে ২০২২ চনৰ আগষ্টত গোলাঘাটলৈ উভতি আহে আৰু নাজিবুৰৰ ঘৰত একেলগে বাস কৰিবলৈ আৰম্ভ কৰে। ২০২২ চনৰ নৱেম্বৰত সংঘামিত্ৰাৰ জীৱনলৈ আহিল এটি পুত্ৰ সন্তান। ২০২৩ চনৰ মাৰ্চ মাহত সংঘামিত্ৰা ঘোষে পুনৰ নাজিবুৰৰ ঘৰ এৰি মাক-দেউতাকৰ ওচৰলৈ ঘূৰি আহিছিল, কিয়নো নাজিবুৰৰ শাৰিৰীক অত্যাচাৰৰ সন্মুখীন হৈছিল সংঘমিত্ৰা। এই সন্দৰ্ভত ২০২৩ৰ ২১ মাৰ্চত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৪৩/৩২৫/৩০৭/৫০৬ নং দফাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰত নাজিবুৰক গ্ৰেপ্তাৰ কৰি ২৮ দিনৰ বাবে কাৰাগাৰত ৰখা হৈছিল। কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত নাজিবুৰে তেওঁৰ পত্নী আৰু সন্তানক লগ কৰিবলৈ আঁকোৰগোজ আছিল। নাজিবুৰ আৰু সংঘামিত্ৰা ঘোষৰ পৰিয়ালৰ মাজত এই বিষয়টো সন্দৰ্ভত উত্তেজনা চলি আছিল। ২০২৩ৰ ২৯ এপ্ৰিলত নাজিবুৰৰ ভাতৃয়ে সংঘামিত্ৰা ঘোষ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ; এজাহাৰত অভিযোগ কৰা হৈছিল যে তেওঁলোকে নাজিবুৰৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল। এই সন্দৰ্ভত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩২৫/৩০৭/৫০৬/৩৪ নং দফাৰ অধীনত ১৪১/২০২৩ নং গোচৰ পঞ্জীয়ন কৰা হৈছিল। এই গোচৰটো বৰ্তমান তদন্তাধীন হৈ আছে। ২০২৩ৰ ২৪ জুলাইত নাজিবুৰে সংঘামিত্ৰা ঘোষ আৰু তেওঁৰ পিতৃ-মাতৃক হত্যা কৰে। এই সন্দৰ্ভত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৪৪৮ নং দফাৰ অধীনত ২০০/২০২৩ নং গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু বৰ্তমান ইয়াৰ তদন্ত চলি আছে।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...