ডায়েট বিষয়া সন্থাৰ ডিব্ৰুগড় জিলা গোটৰ বৈঠকত কি কি সিদ্ধান্ত?

সদৌ অসম ডায়েট বিষয়া সন্থাৰ ডিব্ৰুগড় জিলা গোটৰ প্ৰথম বাৰ্ষিক সাধাৰণ অধিৱেশনখনি ১৯ জুলাই তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়| ডায়েট, ডিব্ৰুগড়ৰ মহিলা প্ৰবক্তাসকলৰ দ্বাৰা পৰিৱেশিত এটি কোৰাছৰ দ্বাৰা আৰম্ভণি হোৱা সভাখন পৰিচালনা কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই| সভাত ডায়েট, ডিব্ৰুগড় পৰিয়ালৰ তিনিজন অভিভাৱকৰ সন্তানক শিক্ষান্ত পৰীক্ষাত প্ৰদৰ্শন কৰা উন্নত ফলাফলৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়|

তদুপৰি শেহতীয়াকৈ ডায়েট, ডিব্ৰুগড়ত কৰ্মৰত দুগৰাকী প্ৰবক্তা ক্ৰমে নিপামণি টায়ে আৰু মৃদুস্মিতা ফুকনে লাভ কৰা ডক্টৰেট ডিগ্ৰী তথা প্ৰবক্তা পদলৈ পদোন্নতি লাভ কৰা সৰল কুমাৰ দাসকো উপহাৰৰ টোপোলাৰে শুভেচ্ছা জ্ঞাপন কৰা হয়| পৰৱৰ্তী কাৰ্যসূচীত বিগত বৰ্ষৰ জিলা গোটৰ সাধাৰণ সম্পাদক প্ৰবক্তা ৰঞ্জন বৰাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ লগতে কোষাধ্যক্ষ প্ৰবক্তা পল্লৱী কলিতাই হিচাপ দাখিল কৰে| প্ৰতিবেদন পাঠ আৰু হিচাপ দাখিলৰ পাছতে পূৰ্বৰ জিলা গোটৰ সদস্যসকলে পদত্যাগ কৰি নতুন কমিটিক দায়িত্বভাৰ অৰ্পণ কৰে|

২০২৩-২৪ বৰ্ষৰ বাবে সদৌ অসম ডায়েট বিষয়া সন্থাৰ ডিব্ৰুগড় জিলা গোটৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰূপে ক্ৰমে জ্যেষ্ঠ প্ৰবক্তা দেৱজিত্‍ কুমাৰ বৰদলৈ আৰু ডঃ নিপামণি টায়ে সৰ্বসন্মতিক্ৰমে দায়িত্বভাৰ গ্ৰহণ কৰে| সভাই কোষাধ্যক্ষ হিচাপে প্ৰবক্তা পল্লৱী কলিতাকে বাহাল ৰাখে| ৰাজ্যিক কাৰ্যবাহীৰ প্ৰতিনিধি হিচাপে প্ৰবক্তা স্বৰাজ ফুকনক বাছনি কৰা হয়| নতুন কমিটিয়ে দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানৰ পাছতে পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে সভাই বিস্তৃতভাৱে আলোচনা কৰে| সভাৰ শেষত প্ৰবক্তাসকলৰ দ্বাৰা গীত, কবিতা পৰিৱেশন তথা এটি প্ৰীতি ভোজেৰে অনুষ্ঠানটি সামৰণি ঘটে|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...

পদত্যাগৰ পিছত পুনৰ সক্ৰিয় ধৰ্মেন্দ্ৰ প্ৰধান: ‘Gen Z’ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি বিশ্ববিদ্যালয়সমূহত সম্পৰ্ক অভিযান

পেপাৰ লিক সংক্ৰান্তীয় বিতৰ্ক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়...