পাপৰ খাই ভাল পাই নেকি আপুনি?

আপুনি খোৱা পাপৰ-মিঠাই কেনেকৈ প্ৰস্তুত কৰা হয়? আপুনি খোৱা পাপৰ স্বাস্থ্যসন্মত নে? মহানগৰীৰ গড়চূকত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান। সেই অভিযানত যি পোহৰলৈ আহিল আপোনাৰ ঘিণ লাগি যাব।

বজাৰত উপলব্ধ নাই বিজ্ঞাপনত দেখা পাপৰ, মিঠাই মানে স্বাস্থ্যসন্মত নহয়। শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পিল এটা ভিডিঅ’। ভিডিঅটোত এইদৰে ভৰিৰে মোহাৰি একাংশ লোকে প্ৰস্তুত কৰিছে মিঠাই। এই দৃশ্য দেখি চকু কপালত উঠিছিল একাংশ লোকৰ। খাদ্য প্ৰস্তুতৰ এয়া কেনে পদ্ধতি। তাৰ পাছতেই মহানগৰীৰ কটাহবাৰীত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান। অভিযানত পোৱা গল এয়া। কদৰ্যময় পৰিৱেশত প্ৰস্তুত কৰা হৈছে পাপৰ। শৌচাগাৰৰ কাষতেই পেলাই ৰখা হৈছে নিমখৰ বস্তা। সেই নিমখেৰেও পাপৰ প্ৰস্তুত কৰা হৈছে।

গড়চুকৰ কটাহবাৰীত থকা চইয়ম ফুড প্ৰডাক্টচত চলিল অভিযান। সঞ্জয় চাজ্জেৰ নামৰ লোকজনৰ চইয়ম ফুড প্ৰডাক্টচ নামৰ প্ৰতিষ্ঠানটোত দীৰ্ঘদিন ধৰি এনেদৰেই প্ৰস্তুত হৈ আহিছে আপুনি-মই খোৱা পাপৰ।

প্ৰতিষ্ঠানটোত সামান্য পৰিমাণেও নাই চাফ-চিকুণতা
সেয়ে অভিযান চলাই গুৱাহাটী পৌৰ নিগমে ছীল কৰি প্ৰতিষ্ঠানটো। লগতে জব্দ কৰিলে বিভিন্ন সা-সামগ্রী কিন্তু কেনেকৈ দীৰ্ঘদিনে চলি আছিল এই কাণ্ড। চতুৰালি প্ৰতিষ্ঠানটোৰ মালিকৰ। বাহিৰত লগাই থয় তলা। ভিতৰত চলি থাকে পাপৰ প্ৰস্তুতৰ কাম। অভিযানৰ সময়ত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰহে দাবী-ধমক, দুৰ্ব্যৱহাৰ। এনেদৰেই মহানগৰীত চলি আছে একাংশ খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান। কিন্তু কেনেকৈ চলে। সেয়াহে এটা ডাঙৰ প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...