প্ৰাক্তন প্ৰেমিকৰ সৈতে ঘূৰাৰ বাবেই ভয়ংকৰ শাস্তি…

চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ উত্তাল শিলচৰ। নিৰ্মীয়মান তিনিমহলীয়া অট্টালিকাত উদ্ধাৰ হ’ল যুৱতীৰ ক্ষত-বিক্ষত মৃতদেহ। উত্তাল প্ৰতিবাদৰ পাছত তৎপৰতা আৰক্ষীৰ। আটক কৰিলে প্ৰমিকসহ তিনিজনক। পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।

প্ৰাক্তন প্ৰেমিকৰ সৈতে ঘূৰাৰ বাবেই ভয়ংকৰ শাস্তি…
যুৱতী গৰাকী যোৱা ১৫ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল। বিচাৰ-খোচাৰ কৰি পোৱা নাছিল পৰিয়ালে। সন্ধান লাভ কৰা নাছিল আৰক্ষীয়েও। ১৮ জুলাইত চাঞ্চল্যকৰ ঘটনা। এটা অট্টালিকাত উদ্ধাৰ হ’ল সন্ধানহীন হৈ থকা পিংকিৰ মৃতদেহ। তাৰ পাছতেই হাহাকাৰ লাগিল পৰিয়ালত। প্ৰতিবাদত উত্তাল হৈ পৰিল শিলচৰ। মৃতদেহ ৰাস্তাত থৈ দোষীক কঠোৰ শাস্তিৰ দাবী তুলিলে শ শ লোকে। তাৰ পাছতেই তৎপৰতা আৰক্ষীৰ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পিনাক শুক্লবৈদ্য নামৰ যুৱকক
পিনাক সেই যুৱতীগৰাকীৰ প্ৰেমিক

কৰ্মসূত্ৰে পিনাক আছিল বেংগালুৰুত। বহুদিনীয়া প্ৰেমৰ সম্পৰ্ক দুয়োৰে মাজত। পিনাক নথকা অৱস্থাত পুনৰ যুৱতীগৰাকী সংস্পৰ্শলৈ আহিছিল একালৰ প্ৰেমিকৰ। সেই প্ৰাক্তন প্ৰেমিকৰ সৈতে ঘূৰা-ফুৰা আৰম্ভ কৰিছিল যুৱতীগৰাকীয়ে। ইয়াকে লৈ দুয়োৰে মাজত আৰম্ভ হৈছিল সংঘাত। প্ৰেমিকাই অসমত থাকি প্ৰাক্তন প্ৰেমিকৰ সৈতে সম্পৰ্ক ৰখাৰ কথা বেংগালুৰুত থাকিয়েই পাইছিল পিনাকে।
বেংগালুৰুত থাকিয়েই পিনাকে কৰিছিল প্ৰেমিকাক হত্যাৰ পৰিকল্পনা
১৪ জুলাইত বেংগালুৰুৰ পৰা শিলচৰলৈ আহিছিল পিনাক
১৫ জুলাইত হত্যা কৰিছিল প্ৰেমিকাক
হত্যাকাণ্ড সংঘটিত কৰি দেওবাৰে পুৱা শিলচৰৰ পৰা গুৱাহাটীলৈ গুছি যায় পিনাক। কিন্তু নিহত যুৱতীৰ পৰিয়ালে স্পষ্টকৈ কৈছিল এই ঘটনাৰ আঁৰত থাকিব পাৰ প্ৰেম সংক্ৰান্তীয় কাৰণ। সেয়ে প্ৰথমে আৰক্ষীয়ে আটক কৰিছিল পিনাকক। তাৰ পাছত…
ওৰে নিশা জেৰাৰ অন্তত গ্ৰেপ্তাৰ
302/364/201 IPCত ৰুজু হৈছে গোচৰ
পৰিয়ালে সন্দেহ কৰিছিল হত্যাৰ পূৰ্বে ধৰ্ষণ কৰা হৈছিল যুৱতীগৰাকীক। কিন্তু সেই অভিযোগ এতিয়াও প্ৰমাণ হোৱা নাই বুলি মন্তব্য আৰক্ষীৰ। সেই কথা নিশ্চিত কৰিবলৈ আহমেদাবাদৰ ফৰেণচিকলৈ প্ৰেৰণ কৰা হৈছে বিভিন্ন সামগ্ৰী। কেৱল পিনাকেই নহয়। আৰু কেইবাজনো যুৱকক ঘটনা সন্দৰ্ভত আটক কৰি সোধা-পোছা কৰিছে আৰক্ষীয়ে। কঠোৰ শাস্তি দিয়া হ’ব দোষীক। আশ্বস্ত কৰিছে আৰক্ষীয়ে। ঘটনাক লৈ এতিয়াও চেপা উত্তেজনা শিলচৰত। কঠোৰ শাস্তি বিচাৰিছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...