গ্ৰীণ টিৰ আছে এইসমূহ উপকাৰিতা

আপুনিও বাৰু সেৱন কৰে নেকি গ্ৰীন টি। যদি কৰে তেন্তে পঢ়ক এই প্ৰতিবেদন। কাৰণ গ্ৰীণ টিৰ উপকাৰিতা সমূহৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি।

বৰ্তমান সময়ৰ প্ৰতিগৰাকী লোকেই স্বাস্থ্য সচেতন। প্ৰতিগৰাকী স্বাস্থ্য সচেতন লোকৰেই দৈনন্দিন ৰুটিনত হয়তো গ্ৰীণ টিয়ে এক বিশেষ স্থান দখল কৰি আহিছে। কিন্তু আপুনি বাৰু জানেনে এই সাধাৰণ যেন লগা গ্ৰীণ টিৰো আছে বহু উপকাৰিতা।

হয় ঠিকেই শুনিছে আপুনি। আপুনি মই সাধাৰণ পানীয় হিচাপে গ্ৰহণ কৰা গ্ৰীণ টিৰো আছে বহু উপকাৰিতা। তেন্তে অপেক্ষা কিহৰ, পলম নকৰি জানো আহক গ্ৰীণ টি সেৱন কৰিনো আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো।

অতিৰিক্ত ওজন কমোৱাত সহায় কৰে গ্ৰীণ টিয়ে। ইয়াত থকা এণ্টি অক্সিডেণ্টে ওজন কমোৱাত সহায় কৰে। গতিকে আপুনিও যদি আপোনাৰ ওজন কমাব বিচাৰে, তেন্তে আপুনিও সেৱন কৰিব পাৰে গ্ৰীণ টি।

ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়। গ্ৰীণ টিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাত সহায় কৰে। গতিকে আপুনিও যদি আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াব বিচাৰে তেতিয়া এতিয়াৰে পৰাই সেৱন কৰিবলৈ আৰম্ভ কৰক গ্ৰীণ টি।

সৌন্দৰ্য বৃদ্ধিত সহায়ক গ্ৰীণ টি। স্বাস্থ্যৰ লগতে আমাৰ মুখৰ সৌন্দৰ্য অটুট ৰখাটো সহায়ক গ্ৰীণ টি। ইয়াত থকা এণ্টি অক্সিডেণ্টে ছালৰ যিকোনো সমস্যা সমাধান কৰাত সহায় কৰে।

ছালৰ লগতে আমাৰ চুলিৰ বাবেও উপকাৰী গ্ৰীণ টি। চুলিৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে গ্ৰীণ টিয়ে।

গতিকে আপুনিও যদি সদায় সুস্থ হৈ থাকিব বিচাৰে তেন্তে গ্ৰীণ টি সেৱন কৰাৰ অভ্যাস গঢ়ি তোলক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...