দুমাহতেই নিলম্বন, আঁৰত গাঞ্জা

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। কয়দীক এইবাৰ চিগাৰেট-গাঞ্জা যোগান ধৰাত লাগিল খোদ কাৰাগাৰৰ প্ৰহৰী। দেওবাৰে দুজনকৈ প্ৰহৰী ধৰা পৰিল। ১ জুনত নিযুক্ত পোৱা দুয়ো প্ৰহৰীক নিলম্বন কৰা হ’ল।

গাঞ্জা…
অদ্ভূত নিচা লগাই দিয়া গাঞ্জা
চকু ৰঙা কৰি দিয়া গাঞ্জা
সকলো পাহৰাই দিয়া গাঞ্জা
দুমাহতেই নিলম্বন, আঁৰত গাঞ্জা

গাঞ্জাই কি কৰিব নোৱাৰে। ওলট-পালট কৰি পেলায় সকলোকে। সেয়ে গাঞ্জা সৰবৰাহৰ বিৰুদ্ধে প্ৰায়ে চলে আৰক্ষীৰ অভিযান। ভিন্ন ঠাইত ভিন্ন সময়ত গাঞ্জা উদ্ধাৰো হয়। আৰক্ষীৰ জালত পৰে এজনৰ পাছত আনজন। জেললৈ যায়। এইবাৰ সংঘটিত হ’ল এটা আজৱ ঘটনা।
কেন্দ্ৰীয় কাৰাগাৰলৈ গাঞ্জা সৰবৰাহ সৰবৰাহকাৰীৰ ৰূপত কাৰাগাৰৰেই প্ৰহৰী।
নিলম্বন দুজনক
টংকেশ্বৰ দাস আৰু ৰাজু ঠাকুৰ

এই দুজন প্ৰহৰীয়ে কাৰাগাৰৰ ভিতৰত থকা কয়দীক যোগান ধৰিছিল গাঞ্জা। লগতে যোগান ধৰিছিল বিড়ি-চিগাৰেট আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী। কাৰাগাৰৰ মূল প্ৰহৰীয়ে চলোৱা অভিযানত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল। কাৰাগাৰৰ প্ৰহৰী দুজনে মোজাৰ ভিতৰত ভৰাই গাঞ্জা, চিগাৰেটকে ধৰি অন্যান্য নিচাজাতীয় দ্ৰব্য কাৰাগাৰৰ ভিতৰলৈ নিছিল আৰু কয়দীক যোগান ধৰিছিল।

জেইলাৰৰ নিৰ্দেশ মৰ্মে কাৰাগাৰৰ মূল প্ৰহৰীয়ে অভিযুক্ত দুই কাৰাগাৰ প্ৰহৰীৰ কোঠাত এক অভিযান চলাই আন বহু নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে।

১ জুনত নিযুক্তি পাইছিল দুয়ো
১ জুনত নিযুক্তি, ১৭ জুলাইত নিলম্বন

এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া সচেতন ৰাইজৰ মাজত। অপৰাধ অনিয়ম কৰাসকলক সংশোধনীৰ বাবে ৰখা হয় কাৰাগাৰত। সেই কাৰাগাৰলৈয়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহ হৈছে। সৰবৰাহ কৰিছে খোদ কাৰগাৰৰ প্ৰহৰীয়ে। নিলম্বিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...