মানৱ নে দানৱ ! পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে কাটিলে পত্নীৰ নাক। কটা নাক জেপত লৈ পলাল স্বামী।

দিনক দিনে বাঢ়ি গৈছে পৰকীয়া প্ৰেমৰ ঘটনা। তাৰ সমান্তৰালকৈ বাঢ়ি গৈছে মানুহৰ নৃশংসতা। প্ৰতিদিনেই পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ নৃশংস ঘটনা। এইবাৰ লখিমপুৰত সংঘটিত হৈছে তেনে এক চাঞ্চল্যকৰ ঘটনা। য’ত পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে কাটিলে পত্নীৰ নাক।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰত । য’ত এজন স্বামীয়ে নিজৰ প্ৰেমিকাৰ কাৰণে কাটিলে পত্নীৰ নাক। তাৰ পাছত কটা নাকতো জেপত লৈ পলায়ন কৰে স্বামীয়ে। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিক্ৰম নামৰ স্বামীজনক। বৰ্তমান ৰঙা ঘৰৰ আলহী বিক্ৰম। আনফালে চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...