আপুনি বাৰু জানেনে সুস্বাদু আমৰো আছে বহু উপকাৰিতা

এতিয়া আমৰ বতৰ। বজাৰত উভৈনদী হৈ পৰিছে আম। আমক ফলৰ ৰজা বুলিও কোৱা হয়। বেছিভাগ মানুহৰেই প্ৰিয় ফল হৈছে আম। আপুনিও নিশ্চয় আম খাই ভাল পায়। আপোনাৰো হয়তো বজাৰৰ সেই পকা পকা আমবোৰ দেখিলে জিভাৰ পানী পৰে, নহয়নে!

আপুনি বাৰু জানেনে সুস্বাদু আমৰো আছে বহু উপকাৰিতা। আমত ভিটামিন A, Cৰ লগতে অন্যান্য বহু ভিটামিন পোৱা যায়। ইয়াৰ উপৰি আমত ফাইবাৰ, আইৰন, পটেছিয়াম আদিৰ দৰে গুৰুত্বপূৰ্ণ বহু উপাদান পোৱা যায়।

জানো আহক আমৰ উপকাৰিতাসমূহৰ বিষয়ে
ছালৰ উজ্জ্বলতা বৰ্ধক : আমত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট আৰু ভিটামিন C পোৱা যায়। আমৰ এই উপাদানবোৰ আমাৰ ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ লগতে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে।
হজম হোৱাত সহায়ক : আমে আমি খোৱা খাদ্যবস্তু হজম কৰাত সহায় কৰে। ইয়াত থকা উপাদানসমূহে আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰে।
দৃষ্টিশক্তি বৰ্ধক : আমত প্ৰচুৰ পৰিমাণে ভিটামিন A পোৱা যায়। ই আমাৰ চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...