ঝুলন কৃষ্ণ মহন্ত-গাৰ্গী দত্ত দম্পতীলৈ সাংস্কৃতিক গৱেষণা ফেল’শ্বিপ

অসমৰ সাংস্কৃতিক জগতলৈ ভাল খবৰ। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ(চিচিআৰটি)ৰ দ্বাৰা সাংস্কৃতিক ক্ষেত্ৰত অনবদ্। সেৱাৰ বাবে ২০২১-২২ বৰ্ষৰ বাবে ৰাজ্যখনৰ তৰুণ প্ৰজন্মৰ খ্যাতিমান যুৱ শল্পী দম্পতী ঝুলন কৃষ্ণ মহন্ত আৰু গাৰ্গী দত্তলৈ আগবঢ়োৱা হৈছে কনিষ্ঠ গৱেষণা ফেল’শ্বিপ। আনুষ্ঠানিকভাৱে জাৰি কৰা ফলাফল অনুসৰি ঝুলন কৃষ্ণ মহন্তই ‘লোক সংগীত’ আৰু গাৰ্গী দত্তই থিয়েটাৰ শিতানত ‘জুনিয়ৰ ফেল’শ্বিপ’ লাভ কৰিছে।

ইয়াৰ পূৰ্বে ১৯৯৭ চনত ভাৰত চৰকাৰৰ দ্বাৰা ৰাজধানী দিল্লীত আয়োজিত শিশু সন্মিলনত দ্বিতীয় শ্ৰেষ্ঠ ইনষ্ট্ৰুমেণ্টেলিষ্ট(সংগীত)ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ঝুলন কৃষ্ণ মহন্তই। একেদৰে ১৯৯৮ চনত ভাৰত চৰকাৰৰ অধীনস্থ চি চি আৰু টিৰ বিশেষ বৃত্তিও লাভ কৰিছিল ঝুলন কৃষ্ণ মহন্তই। ইমানেই নহয় ২০০১ আৰু ২০০৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোত্সৱত শ্ৰেষ্ঠ ইনষ্ট্ৰুমেণ্টেলিষ্টৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল যুৱ শিল্পীজনে। আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা ‘নাট্য শাখা’ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে গাৰ্গী দত্তই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ২০২৩ বৰ্ষৰ বি গ্ৰেডৰ নাট্যশিল্পী হিচাপেও স্বীকৃত হৈছে গাৰ্গী দত্ত। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ গৱেষণা ফেল’শ্বিপৰ খবৰে অসমৰ সাংস্কৃতিক জগতখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...