আপোনাৰ ছাল উজ্জ্বল কৰাৰ বিশেষ পন্থা

আপুনি বাৰু আপোনাৰ ছালখন উজলাই তুলিব বিচাৰে নেকি ? প্ৰতিগৰাকী ব্যক্তিয়ে এখন ধুনীয়া ছালৰ গৰাকী হ’ব বিচাৰে। সাম্প্ৰতিক সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ছালখন উজলাই তুলিব বিচাৰে। বৰ্তমান সময়ত সকলোৱেই নিজৰ ছালখন উজলাই তুলিবলৈ বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি আহিছে। আজি আমি আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে জনাম যে কোনবিলাক খাদ্য গ্ৰহণ কৰি আপুনি আপোনাৰ ছালখন উজলাই তুলিব পাৰিব।

আপুনি আপোনাৰ ছালখন উজলাই তুলিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য

পানী : যদিহে আপুনি আপোনাৰ মুখৰ উজ্জ্বলতা বঢ়াব বিচাৰে, তেন্তে আপুনি দৈনিক ৮ – ১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যসমূহ ওলাই যোৱাত সহায় কৰে। ই আপোনাৰ ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰিব।

বীট : আপুনি বীট খাই আপোনাৰ ছালখন উজলাই তুলিব পাৰিব। বীটত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়। ই আমাৰ ছালখনক উজ্জ্বল হোৱাত সহায় কৰে। ই তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়। গতিকে ছালত উজ্জ্বলতা আনিবলৈ নিতৌ ভাজি বা চালাদ কৰি বীট খোৱাৰ অভ্যাস গঢ়ি তোলক।

দৈ : দৈত জিংক, কেলচিয়াম আৰু ভিটামিন ডি পোৱা যায়, যিয়ে মুখমণ্ডলক কোমল কৰি ৰাখে। প্ৰতিদিনে দুপৰীয়া দৈ খাওক আৰু এখন সুন্দৰ মুখৰ গৰাকী হওঁক।

শাক – পাচলি : সতেজ সেউজীয়া শাক – পাচলিত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো ভিটামিন পোৱা যায়। যদিহে আপুনি সদায় সতেজ সেউজীয়া শাক-পাচলি খায়, তেন্তে ই আপোনাৰ ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...