কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ জলপানী লাভ কামাক্ষী বৰদলৈৰ

গুৱাহাটীৰ ছেণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী কামাক্ষী বৰদলৈয়ে চলিত বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ চি চি আৰ টিয়ে সত্ৰীয়া নৃত্যত আগবঢ়োৱা জলপানী লাভ কৰিছে।

ৰাজ্যৰ অগ্ৰণী সত্ৰীয়া নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান ‘সংগীত সত্ৰ’ৰ প্ৰশিক্ষাৰ্থী কামাক্ষীয়ে এই ক্ষেত্ৰত প্ৰথম ১০ তা স্থানৰ ভিতৰত স্থান লাভ কৰিছে। গুৱাহাটীৰ চানমাৰি কলনী নিবাসী তন্ময় বৰদলৈ আৰু ময়ুৰাক্ষী বৰদলৈৰ কনিষ্ঠা কন্যা কামাক্ষী বৰদলৈ। তেওঁ নৃত্যবিশাৰদ ৰঞ্জুমনি শইকীয়াৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...