অসম-মেঘালয়ৰ সীমা বিবাদক লৈ যুটীয়া বৈঠক

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি শ্বিলঙত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী Sniawbhalang Dharৰ সৈতে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে।

অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ কেইটামান অঞ্চলত থকা সীমা সমস্যাৰ বিষয়ে আজিৰ বৈঠকত আলোচনা কৰা হয়।

মন্ত্ৰী পীযূষ হাজৰিকাই অসম আৰু মেঘালয়ৰ মাজত সদায়ে সম্প্ৰীতিৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনাৰ সদিচ্ছাৰ বাবে শীঘ্ৰে সীমা সমস্যাৰ স্থায়ী সমাধান হ’ব বুলি পাছত সাংবাদিকৰ আগত মন্তব্য কৰে।

কেতিয়াবা সীমা অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে বিবাদৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰে যদিও দুষ্কৃতিকাৰীৰ এনে প্ৰচেষ্টাই ৰাজ্য দুখনৰ মাজত থকা শান্তি আৰু সম্প্ৰীতি কেতিয়াও বিনাশ কৰিব নোৱাৰে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰি যাব : আমেৰিকা

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ...

২৬/১১ মুম্বাই আক্ৰমণত কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ ২৬ নৱেম্বৰৰ...

পুনৰ অধিনায়ক হিচাপে আজি খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ জনপ্ৰিয় দল চেন্নাই...