পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ জৰুৰী বৈঠক

ৰাজগড় সংযোগী পথত সংঘটিত খোৱাপানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ জৰুৰী বৈঠক

কাইলৈৰে পৰা পুনৰবাৰ হাইড্ৰ’টেষ্টিং কৰা হ’ব মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ

গুৱাহাটীৰ ৰাজগড় আৰু গুৱাহাটী কমাৰ্চ কলেজ সংযোগী পথত আজি সংঘটিত হোৱা খোৱাপানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী জল বৰ্ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়৷ ঘটনা সন্দৰ্ভত মন্ত্ৰী সিংহলে মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি সবিশেষ আলোচনা কৰে৷ ইয়াৰ পাছতেই নিজৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কিছুদিনৰ ভিতৰতে মহানগৰীৰ পানীযোগান আঁচনি ৰূপায়ণত সংঘটিত দুটাকৈ দুৰ্ঘটনাত তেওঁ অতিশয় উদ্বিগ্ন আৰু এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ৷ প্ৰায় ১৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই প্ৰকল্পৰ খোৱাপানীৰ পাইপসমূহ বহুবছৰৰ আগতেই পোতা হৈছিল আৰু সেই কামত জড়িত অভিযন্তা-ঠিকাদাৰ আদি কোনোৱেই আজিৰ তাৰিখত কৰ্মৰত নহয়৷ তথাপিও বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ এই ঘটনাৰ দায়িত্ব এৰাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ দুৰ্ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইয়াৰ আগৰ খাৰঘূলিৰ ঘটনাৰো পূৰ্ণগতিত উচ্চ পৰ্যায়ৰ তদন্ত-প্ৰক্ৰিয়া চলি থকাৰ কথা উনুকিয়াই তেওঁ কয় যে সেই তদন্তৰ প্ৰাথমিক প্ৰতিবেদন ইতিমধ্যেই লাভ কৰা হৈছে আৰু অতি সোনকালেই তাৰ চূড়ান্ত প্ৰতিবেদন লাভ কৰা যাব৷ ভৱিষ্যতে যাতে আকৌ এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় সেয়া সুনিশ্চিত কৰাই এই মুহূৰ্তত চৰকাৰৰ প্ৰাথমিক গুৰুত্ব বুলিও তেওঁ উল্লেখ কৰে৷

আনহাতে আজিৰ ঘটনাৰ তদন্তৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডক দায়িত্ব অৰ্পণ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে তিনিদিনৰ ভিতৰত এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব৷ তদন্তৰ সময়ত প্ৰকল্পৰ ডিপিআৰ অনুসৰি সুৰক্ষা পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছিলনে নাই সেয়াও অনুসন্ধান কৰা হ’ব বুলি জানিবলৈ দি মন্ত্ৰী সিংহলে কয় যে কাইলৈৰে পৰা মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ পুনৰবাৰ হাইড্ৰ’টেষ্টিং কৰা হ’ব৷ ৰাইজৰ অসুবিধা নোহোৱাকৈ এই সময়ছোৱাত কম চাপত পানীযোগান অব্যহত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ আনহাতে আই আই টি, গুৱাহাটীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত কৰ্মৰত বিশেষজ্ঞ কাৰিকৰী গোটকো মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ সুৰক্ষা পৰীক্ষণৰ বাবে তৎকালে নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

উল্লেখযোগ্য যে আজিৰ ঘটনাৰ খবৰ পোৱাৰ পাছতেই মন্ত্ৰী সিংহল ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত লোক তথা সা-সম্পত্তিৰ লগতে সমগ্ৰ পৰিস্থিতিৰ বুজ লয়৷ তেওঁ ঘটনাস্থলীত উপস্থিত ৰাইজৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু চৰকাৰী নিয়মানুসাৰে তেওঁলোকক যথাযোগ্য ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

টেংকাৰৰ খুন্দাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো

মঙলবাৰে সন্ধিয়া বৰপেটাৰোডত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা।...

নিমিষতে শেষ প্ৰাণোচ্ছল দুটা জীৱন

এতিয়া মৰাণত অমানিশা যেন মনৰ এন্ধাৰ। ফুৰিবলৈ বুলি ওলাই...

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা।...