ডকাইতৰূপী আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ডকাইতৰূপী আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

টিহুৰ নাথকুছিত ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি

৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত চালকৰ

প্ৰতিবাদকাীৰ অভিযাগ নিশাৰ ৰাজপথত ডকাইতৰ ৰূপত টিহু আৰক্ষীয়ে চলাই সন্ত্ৰাস। সোমবাৰে নিশাও সংঘটিত হৈছিল অনুৰূপ ঘটনা। অভিযোগ অনুসৰি টিহুৰ নাথকুছিত ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ নামত আৰক্ষীয়ে চলাইছিল ডকাইতি। প্ৰথমে সকলো নথী–পত্ৰ থকাৰ পিছতো ট্ৰাক চালকক ধনদাবী। অনলাইন যোগে ট্ৰাকচালকৰ পৰা ২০হাজাৰ টকা সংগ্ৰহ। কিন্তু অধিক ধন দাবীৰে অসমহা ট্ৰাকচালকক থানালৈ নি গুৰুলা গুৰুলকৈ প্ৰহাৰ।

দীৰ্ঘদিনে এনে দৰেই নাথকুছিত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে গুণ্ডাগিৰি চলাই অহাত অৱশেষত ধৈয্যৰ বান্ধ ছিগিল ট্ৰাকচালক সকলৰ। ধনৰ খকত আৰক্ষীয়ে কৰা এনে অমানৱীয় আচৰণ বিৰুদ্ধে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাক চালক সকলে। ইফালে আৰক্ষীৰ গুণ্ডাগৰিত অতিষ্ঠ স্থানীয় ৰাইজেও সহযোগ কৰিলে ট্ৰাক চালকৰ প্ৰতিবাদত। উত্তেজিত প্ৰতিবাদকাৰীয়ে ডকাইতৰূপী আৰক্ষীক কঠোৰ শাস্তি দিবলৈ দাবী জনালে মুখ্যমন্ত্ৰী হিম্নত বিশ্ব শৰ্মাক।

অসম পুলিচ গ’ বেক ধ্বনিয়ে উত্তাল হৈ পৰে  সমগ্ৰ অঞ্চল। স্তব্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত। পুৱাই নি নিজ কামলৈ ওলাই আহি ৰাজপথত আবদ্ধ হৈ পৰা পথচাৰীয়েও আৰক্ষীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ।

পৰিস্থিতি অধিক জটিল হৈ পৰাত ঘটনাস্থলীত উপস্থিত হ’ল শীৰ্ষ আৰক্ষী বিষয়া। কিন্ত ক্ষান্ত নহ’ল প্ৰতবাদকাৰী। অৱশেষত ঘটনাস্থলীত নলবাৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰাতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। ইফালে আৰক্ষীৰ প্ৰহাৰত সমগ্ৰ শৰীৰ চিৰাচিৰ হোৱা ভুক্তভোগী ট্ৰাক চালকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষী অধীক্ষকে।

ইতিমধ্যে খাকী পোচাকৰ আঁৰত ডাইতি চলোৱা দুই আৰক্ষীক নিলম্বন কৰিছে নলবাৰীৰ আৰক্ষী অধীক্ষকে। কনিষ্টবল অপূৰ্ব পাটগিৰি, অমিত হাজঙক নিলম্বন। যি সময়ত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক জনতাৰ বন্ধু হোৱাৰ আহ্বান জনাইছে তেনে অৱস্থাতে একাংশ আৰক্ষীৰ এনে নিকৃষ্ট কৰ্মক একেমুখে ধিক্কাৰ দিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...