গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ কিছু ক’বলগীয়া…

🖊️ মনোজ কুমাৰ গোস্বামী, মুখ্য সম্পাদক, NKTV Plus

গুৱাহাটী প্ৰেছ ক্লাবৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। বিৰল পৰিস্থিতিতহে প্ৰেছ ক্লাবৰ চৌহদত ক্ষন্তেক সময়ৰ বাবে কেতিয়াবা ভৰি দিছোঁ। বিগত ১০ বছৰত খুব বেছি ৩/৪ বাৰ। নাজানো প্ৰেছ ক্লাব বা প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ আমাৰ সমাজ জীৱনত বা সাংবাদিকতাৰ ক্ষেত্ৰত কি গুৰুত্ব আছে। সাংবাদিকৰ স্বাৰ্থ ৰক্ষাত প্ৰেছ ক্লাবৰ ভূমিকাৰ ইতিহাসেই বা কি?

সাংবাদিক হিচাপে আমি ৰাজনৈতিক দল, চৰকাৰ, কৰ্তৃপক্ষ আদিক ক্ষমাহীন সমালোচনা কৰোঁ। তেওঁলোকৰ অনিয়ম, দুৰ্নীতি, প্ৰবঞ্চনা আদিক কুকুৰে কাঁইট নোখোৱাকৈ সমালোচনা কৰোঁ। ৰাজভঁৰাল উদং, তথাপি অযথা ব্যয় বিলাসবহুলতা আমাৰ চকুত নপৰাকৈ নাথাকে। স্থানীয় নিৰ্বাচন, সাধাৰণ নিৰ্বাচন আদিতটো প্ৰায়েই সীমা চেৰাই যায়।

কাইলৈ প্ৰেছ ক্লাবৰ নিৰ্বাচন। বিগত কেইদিনত দেখিলো মোৰ সতীৰ্থ সাংবাদিকসকলৰ যুদ্ধকালীন প্ৰচাৰ আৰু নিৰ্বাচনী তৎপৰতা। অনন্ত কৰ্মশক্তি খৰচ বা অৰ্থব্যয়টো হৈছেই, গাড়ী ঘোঁৰা দৌৰিছে, বেনাৰ ফেষ্টুন, প্ৰচাৰ পত্ৰিকা ভৰি পৰিছে, তাৰ মাজত অহেতুক প্ৰলোভন লবীবাজী অপপ্ৰচাৰ আনকি চক্ৰান্তও আছে। আনকি ঘৰভাৰা দিব নোৱাৰা অৱস্থা বুলি সদায় দুখ কৰা কেইজনো পাছ পৰি থকা নাই।

মাথোঁ ৮০০/৯০০ ভোটৰ এটা নিৰ্বাচন, ইয়াক আমি সহজকৈ খেলিব নোৱাৰোনে? আমি দেখোন সেই চালু ৰাজনীতিৰ নিৰ্বাচনী সংস্কৃতিকে অনুকৰণ কৰিছো। এই ৮০০/৯০০ সতীৰ্থ ভোটাৰক আমি আমাৰ কথা কামেৰে, অন্য ধৰণে আকৰ্ষিত কৰিব নোৱাৰিলোহেঁতেন নেকি?

আমি সাংবাদিকবোৰে প্ৰায়েই আনক সমালোচনা কৰোঁ, কিন্তু সেই ৰাজনৈতিক সংস্কৃতিলৈ পৰ্যবসিত হ’বলৈ এইদৰে আমাৰ কেত পৰ? আমি দুৰ্নীতিৰ বিৰুদ্ধে হেডলাইন ভৰাই দিও, কিন্তু সেই সুবিধা পালে সচাঁকৈয়ে নিজকে নিৰস্ত্ৰ কৰিব পাৰিমতো? প্ৰেছ ক্লাবৰ নিৰ্বাচন আচলতে ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’ৰ নিৰ্বাচন নেকি? অগ্ৰজ হিচাপে মনৰ কথাখিনি কলোঁ। সকলো প্ৰাৰ্থীকে মোৰ শুভেচ্ছা জনালো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...