গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড

0 304

গুৱাহাটীৰ লখৰাৰ লালুংগাঁৱৰ এইটো ভাড়াঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ৩দিনে বন্ধ হৈ থকা ভাড়াঘৰৰ কোঠালিটোৰ পৰা গোন্ধ ওলোৱাত স্থানীয় ৰাইজে দুৱাৰ ভাঙি বৃহস্পতিবাৰে উদ্ধাৰ কৰে এটা বাচকৰ ভিতৰত ভাৰাতীয়া মহিলা গৰাকীৰ মৃতদেহ। ৰাইজৰ খবৰৰ ভিত্তিত আৰম্ভ হ’ল গড়চুক আৰক্ষীৰ তদন্ত। কিন্তু সময় বাগৰাৰ লগে লগে অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনা। প্ৰথমিক তদন্তত পোহৰলৈ আহিছিল মৃত মহিলাগৰাকীৰ নাম বাসন্তী বৈশ্য। বাসন্তীৰ স্বামী ৰাজু বৈশ্যই হত্যা কৰাৰ সন্দেহ। কিন্তু আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে পোহৰলৈ আহিল মৃত বাসন্তীৰ স্বামীৰ নাম ৰাজু বৈশ্য নহয়! বাসন্তিৰ সন্ধানহীন স্বামীৰ নাম প্ৰকৃততে ৰাজ গোস্বামী। ভাৰাঘৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন কোষ্ঠী। কোষ্ঠীখন প্ৰসেনজিৎ গোস্বামীৰ। প্ৰসেনজিৎ‍ ৰাজ গোস্বামী আৰু তেওঁৰ প্ৰথমা পত্নীৰ সন্তান। প্ৰথমা পত্নীৰ নাম দময়ন্তী গোস্বামী। কিন্তু ৰাজ গোস্বামীৰ প্ৰথমা পত্নী জীৱিত নে মৃত সেই তথ্য পোৱা নাই আৰক্ষীয়ে। ইফালে ভাড়াঘৰৰ গৰাকীয়ে জনোৱা মতে প্ৰায় ১০–১২ দিন পূৰ্বে ভাৰাঘৰটোলৈ আহিছিল মৃত মহিলাগৰাকী আৰু তেওঁৰ স্বামী। ঘৰৰ মালিকক নিজকে ৰাজু বৈশ্য বুলি পৰিচয় দিছিল তেওঁ। লগতে মৃত বাসন্তী তেওঁৰ দ্বীতিয় পত্নী বুলি জনাইছিল ৰাজু ওৰফে ৰাজে। তেওঁলোকৰ লগত আছিল ১২ বছৰীয়া পুত্ৰ। পুত্ৰ তেওঁৰ প্ৰথমা পত্নীৰ সন্তান বুলি জনাইছিল ঘৰৰ মালিকক। কিন্তু প্ৰথমা পত্নীৰ কথা বিশেষ জনোৱা নাছিল লোকজনে।

ইফালে মাত্ৰ ১০–১২ দিনৰ বাবেহে তেওঁলোকে ভাৰালৈ লৈছিল ঘৰটো। তাৰ পিছতে তেজপুৰলৈ যামগৈ বুলি কৈছিল। সেইবাবেই তেওঁলোকে ঘৰৰ মালিকক দিয়া নাছিল কোনো নথি। পত্নী ঘৰত নাই বুলি কৈ ৩দিন পূৰ্বে পুত্ৰৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল অভিযুক্ত হত্যাকাৰী স্বামী।

ইফালে মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাইছিল খোদ মহানগৰীৰ আৰক্ষী আয়ুক্তই। স্নিফাৰ ডগৰ সহায়তো চলিছিল হত্যাকাৰীৰ সন্ধান। ফৰেণচিকৰ দলেও চলাইছিল ঘটনাস্থলীত অনুসন্ধান। মৃতদেহৰ লগতে আৰক্ষীয়ে কোঠাোটত উদ্ধাৰ কৰিছিল এটা বিশেষ বটল। বটলটোত ৰাসায়নিক দ্ৰব্য থকাৰ সন্দেহ। মৃত মহিলাগৰাকীৰ অৰ্ধগলিত মুখমণ্ডললৈ লক্ষ্য কৰি ৰাসায়নিক দ্ৰব্যৰে মুখমণ্ডল জ্বলাই দিয়াৰো সন্দেহ। বাইট–

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিছে মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰিলে নেকি স্বামীয়ে? দ্বিতীয় পত্নীক হত্যা কৰাৰ বাবেই পৰিচয় গোপনে ৰাখিছিল নেকি লোকজনে? ৰাজু বৈশ্য ওৰফে ৰাজ গোস্বামী প্ৰকৃততে কোন? হঠাৎ‍ ক’ত নোহোৱা হ’ল ৰাজু ওৰফে ৰাজ গোস্বামী। মুহূৰ্তলৈ মহানগৰ আৰক্ষীৰ হাতত নাই এই সমূহ প্ৰশ্নৰ উত্তৰ।

Leave A Reply

Your email address will not be published.