কাঠগড়াত ‘শ্ৰী ৰঘুপতি’

কিয় বাৰে বাৰে অসমীয়া চিনেমালৈ সংকট নামি আহে? কেতিয়াবা যদি বৰ্হিশক্তিৰ প্ৰভাৱ, কেতিয়াবা নিজৰ মাজতেই কেনা লাগে! বহু প্ৰত্যাশিত অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিৰ দিন আছিল আজি। ইতিমধ্যে ট্ৰেইলাৰ চায়ে আপ্লুত হৈছিল বহু দৰ্শক। কিন্তু হঠাত কাহিনীৰ পঁট যেন সলনি হল। পুৱাৰ দৰ্শনীৰ বুকিঙৰ ধন ৰিফাণ্ড কৰিলে বুক মাই শ্ব আৰু হলসমূহে। নিৰাশ হল ছবি চাম চাম বুলি ভাৱি থকা অসংখ্য দৰ্শক। অভিযোগ প্ৰতি অভিযোগৰ মাজতে ছবিখমনৰ ওপৰত আহিল স্থগিতাদেশ। আৰু অহা সোমবাৰলৈকে আদালতৰ কাঠগড়াৰ বিষয় হৈ থকি গল ‘শ্ৰী ৰঘুপতি’।

কাঠগড়াত ‘শ্ৰী ৰঘুপতি’
আকৌ সংকটত এখন অসমীয়া ছবি!
আদালতৰ স্থগিতাদেশ! কেতিয়া মুকলি হ’ব ‘শ্ৰী ৰঘুপতি’?

২ জুন… ৰাজ্যৰ সমূহ চলচিত্ৰপ্ৰেমীয়ে আশা কৰিছিল বহুদিনৰ মূৰত এখন অসমীয়া ছবি আহিছে, পৰিয়াল সহিতে গৈ তেওঁলোকে চাব, এক্সন হিৰৰূপে খ্যাত ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’। ইতিমধ্যে ট্ৰেইলাৰ চায়ে আপ্লুত হৈছিল বহু দৰ্শক। চাউথৰ এক্সন ডিৰেক্টৰৰ ৰাফ এণ্ড টাফ মুভ, প্ৰতিশ্ৰুতিসম্পন্ন যুৱ পৰিচালক সুব্ৰত কাকতিৰ শলাগনীয় পৰিচালনাৰে পুষ্ট হৈছিল ছবিখন। ইতিমধ্যে হিল দল ভাঙি অনুৰাধা ছবিগৃহত প্ৰিমিয়াৰ শ্ব চোৱা দৰ্শকেও একেমুখে কলে যে, হয়, ৰঘুপতি ভাল হব। কিন্তু ইয়াৰ মাজতে কেনা লাগিল। চিনেমাৰ কাহিনীত টুইষ্ট অহাৰ দৰেই মুক্তিৰ পূৰ্বে উঠিল অভিযোগ।
আদালতত অভিযোগ আনিলে পূৰ্বৰ প্ৰযোজকে
পূৰ্বৰ প্ৰযোজকৰ পক্ষৰ পৰা ধৃতিমান শৰ্মাই সংবাদ মাধ্যমৰ আগত কলে, তেওঁলোকৰ অভিযোগৰ কথা। সন্ধিয়ালৈ অনুৰাধা চিনেপ্লেক্সৰ প্ৰিমিয়াৰ শ্বৰ ঠিক পূৰ্বেই বৰ্তমানৰ প্ৰযোজক শৈলেন শৰ্মা আৰু ছবিৰ কাহিনীকাৰ ৰবি শৰ্মাৰ সংবাদমেল। ৰবি শৰ্মাই কলে-
‘তেওঁলোকে কোৱা কথাবোৰ ভিত্তিহীন’
‘তেওঁলোকৰ যদি কিবা প্ৰমাণ আছে দিয়ক’
‘ছবিখনৰ কপিৰাইট এতিয়াও মোৰ হাততে আছে’

ইয়াৰ পিছতেই আজি উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় বৰ্তমানৰ প্ৰযোজক শৈলেন শৰ্মা।

আদালতৰ ৰায়- আজি মুকলি নহয় ‘শ্ৰী ৰঘুপতি’!
অহা সোমবাৰে পুনৰ শুনানি হ’ব এই গোচৰৰ

সোমবাৰৰ শুনানিতহে ঠিৰাং হব ছবিখনৰ মুকলিৰ দিন। এন কে টিভিক জনালে প্ৰযোজকে। ইতিমধ্যে পুৱাৰ দৰ্শনীৰ বুকিঙৰ ধন ৰিফাণ্ড কৰিছে বুক মাই শ্ব আৰু হলসমূহে। নিৰাশ হৈছে দৰ্শক। প্ৰত্যাশিত ছবিখনৰ বাবে বহুদিনৰ পৰা আশা কৰি আছিল সকলোৱে। সংবাদ মাধ্যমৰ আগত প্ৰিমিয়াৰ চোৱা দৰ্শকসকলেও ছবিখনক লৈ কৰিছিল উচ্চ প্ৰশংসা।
ছচিয়েল মিডিয়াতো উঠিছিল প্ৰশংসাৰ জোৱাৰ। ইমানৰ পিছতো প্ৰশ্ন হয়, কিয়!
কিয় বাৰে বাৰে অসমীয়া চিনেমালৈ সংকট নামি আহে?
কেতিয়াবা যদি বৰ্হিশক্তিৰ প্ৰভাৱ, কেতিয়াবা নিজৰ মাজতেই কেনা!

মৃতপ্ৰায় অৱস্থাৰ পৰা প্ৰাণ পাই উঠা অসমীয়া ছবি উদ্যোগটোৱে লাহে লাগে পুনৰ্জীৱন পোৱাৰ সময়ত এই অবাঞ্ছিত খবৰবোৰে জানো সুখী কৰে দৰ্শকক? ইয়াৰ পৰা কাৰ কি লাভ-লোকচান? এনে একোটা দিনৰ বাবেই অসাধ্য সাধি, কোনোৱে সপোনতো ভাৱিব নোৱাৰাকে তেতিয়াৰ বহু বাধা নেওচি ৰচনা হৈছিল নেকি জ্যোতিৰ জয়মতী? সাধাৰণ দৰ্শকক চিনেমাৰ উত্তৰণ লাগে। এখন চিনেমা যদি প্ৰকৃততে ভাল হয়, তেন্তে সেই ছবি বাণিজ্যিকভাৱে সফল কৰাৰ দায়িত্ব দৰ্শকে লব জানে। এতিয়া অপেক্ষা মাথোঁ সোমবাৰৰ শুনানিলৈ। তাৰ পিছতহে হয়তো আপুনিও উপভোগ কৰিব পাৰিব বহু প্ৰত্যাশিত ছবিখন। তেতিয়ালৈকে আদালতৰ কাঠগড়াতে ওলমি ৰ’ব ৰাইজলৈ বুলি মুকলি কৰি দিয়া নৱতম অসমীয় ছবি শ্ৰী ৰঘুপতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...