বৃহৎ সুৰংগ খান্দি বিশ্বজুৰি চৰ্চিত চীনৰ বিজ্ঞানী

সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে চীনৰ বিজ্ঞানীসকলে। ভূগৰ্ভলৈ এক বৃহৎ সুৰংগ খন্দাকলৈয়ে চৰ্চালৈ আহিছে চীনৰ এই বিজ্ঞানীসকল। ইতিমধ্যে চীনৰ টাকলিমাকান মৰুভূমিৰ টাৰিম বেচিনত আৰম্ভ হৈছে ১১ হাজাৰ ১০০ মিটাৰ গভীৰ এক সুৰংগ খন্দাৰ কাম। মূলত বৈজ্ঞানিক গৱেষণাৰ বাবে এই গভীৰ সুৰংগটো খান্দিবলৈ লোৱা হৈছে যদিও ইয়াৰ সৈতে খাৰুৱা তেলৰ সন্ধান চলোৱা বিষয়টোও জড়িত হৈ আছে। অত্যাধুনিক যন্ত্ৰপাতিৰে চীনৰ একাংশ বিজ্ঞানীয়ে আৰম্ভ কৰা এই বৃহৎ সুৰংগই ভূগৰ্ভৰ বিভিন্ন তথ্যও পোহৰলৈ অনাৰ সম্ভাৱনা আছে।

বৃহৎ সুৰংগ খান্দি বিশ্বজুৰি চৰ্চিত চীনৰ বিজ্ঞানী

১০ কিলোমিটাৰ গভীৰতাৰ সুৰংগৰে ভূগৰ্ভৰ গৱেষণা

চীনৰ টাকলিমাকান মৰুভূমিৰ টাৰিম বেচিনত আৰম্ভ হৈছে সুৰংগৰ কাম

অত্যাধুনিক যন্ত্ৰপাতিৰে খন্দা হ’ব এই বৃহৎ সুৰংগ

সমগ্ৰ চীনৰ ভিৰত এয়াই হ’ব গভীৰতম সুৰংগ

এক বৃহৎ সুৰংগৰে সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চীনৰ একাংশ বিজ্ঞানী। চীনৰ টাকলিমাকান মৰুভূমিৰ টাৰিম বেচিনত আৰম্ভ কৰা হৈছে এই বৃহৎ সুৰংগ খন্দাৰ কাম। চীনৰ বিজ্ঞানীসকলে ১০ কিলোমিটাৰ গভীৰতাৰ এই সুৰংগৰ জড়িয়তে ভূগৰ্ভৰ গৱেষণাৰ বাবে বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰোপৰি মৰুভূমি অঞ্চলত খাৰুৱা তেল আৰু অন্যান্য খনিজাত সামগ্ৰীৰ সন্ধান চলোৱাৰ ক্ষেত্ৰতো এই বৃহৎ সুৰংগটোৱে বিশেষ অবদান যোগাব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰে। বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিৰ দেশ চীনে গ্ৰহণ কৰা এই অভিলাসী প্ৰকল্পই সম্প্ৰতি সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে। খাৰুৱা তেল সৰ্বোচ্চ এই মৰুভূমি অঞ্চলত যোৱা ৩০ মে’ৰ পৰাই এই বৃহৎ সুৰংগটোৰ খনন কাৰ্য আৰম্ভ হৈছে। ১০ কিলোমিটাৰ গভীৰলৈ এই সুৰংগ খন্দাৰ সময়ত ভূগৰ্ভত থকা ১০টাৰো অধিক কঠিন শিলৰ স্তৰ অতিক্ৰম কৰিব লাগিব খনন কাৰ্যত ব্যৱহৃত অত্যাধুনিক যন্ত্ৰপাতিসমূহে। এই সুৰংগৰ ভিতৰত পোৱা যাব –

১৪৫ নিযুত বছৰ পুৰণি কঠিন শিলাখণ্ড

যথেষ্ট ব্যয়বহুল আৰু বিপদজ্জনক হ’ব এই সুৰংগৰ খনন

কেৱল ভূগৰ্ভৰ অধ্যয়নৰ বাবেহে খন্দা হৈছে এই সুৰংগ

আগ্নেয়গিৰি, ভূমিকম্পৰ মাত্ৰা নিৰ্ধাৰণত সহায়ক হ’ব এই সুৰংগ

মূলতঃ ভূগৰ্ভৰ অধ্যয়নৰ বাবেই চীনৰ বিজ্ঞানীসকলে এই বৃহৎ সুৰংগ খন্দা হৈছে বুলি দাবী কৰিছে যদিও ইয়াৰ জৰিয়তে খাৰুৱা তেল আৰু বিভিন্ন খনিজাত সামগ্ৰীৰ  ক্ষেত্ৰতো ই সহায়ক হ’ব বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে। উল্লেখ্য যে বৰ্তমানলৈকে ভূপৃষ্ঠত মানুহে খন্দা সবাতোকৈ গভীৰ সুৰংগটো আছে ৰাছিয়াত। ৰাছিয়াৰ ‘কোলা ছুপাৰদীপ বোৰ হ’ল’ নামৰ সুৰংগটো খান্দিবলৈ সময় লৈছিল প্ৰায় ২০ বছৰ। ১৯৮৯ চনত খনন কাৰ্য আৰম্ভ কৰা এই সুৰংগটো খন্দা হৈছে ১২ হাজাৰ মিটাৰ গভীৰলৈকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...