আৰম্ভ হ’ল উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা

গুৱাহাটী আৰু পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হ’ল উত্তৰ–পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি এই দ্ৰুতবেগী ৰে’লখনৰ ফ্লেগঅফ কৰে। গুৱাহাটী নিউজলপাইগুৰিৰ মাজত চলিবলগীয়া এয়া হ’ব দেশৰ ওঠৰ সংখ্যক বন্দে ভাৰত এক্সপ্ৰেছ। গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে।

আৰম্ভ হ’ল উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা

গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলিব বন্দে ভাৰত এক্সপ্ৰেছ

৪১১ কিলোমিটাৰ পথ বন্দে ভাৰতে অতিক্ৰম কৰিব ৫ ঘণ্টা ৩০ মিনিটত

উত্তৰ-পূবৰ পৰ্যটন, বাণিজ্য, শিক্ষা, নিয়োগৰ প্ৰসাৰণ ঘটাব বন্দে ভাৰতে

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰে গুৱাহাটী আৰু পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ মাজত চলিবলগীয়া দ্ৰুতবেগী যাত্ৰীবাহী ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছ। দেশৰ ওঠৰ সংখ্যক এই দ্ৰুতবেগী ৰে’লখনৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৱল যাত্ৰীক সুবিধা প্ৰধান কৰাই নহয় এই দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন, শিক্ষা, বাণিজ্য আৰু নিয়োগৰ সা–সুবিধাৰ প্ৰসাৰণ ঘটাব। গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজৰ ৪১১ কিলোমিটাৰ পথ এই বন্দে ভাৰত এক্সপ্ৰেছে অতিক্ৰম কৰিব ৫ ঘণ্টা ৩০ মিনিটত। ইয়াৰ আগলৈকে এই পথছোৱাত নিয়মীয়াকৈ চলাচল কৰা দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লে এই পথছোৱা অতিক্ৰম কৰিবলৈ সময় লৈছিল ৬ ঘণ্টা ৩০ মিনিট। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা মুকলি কৰাৰ পিছতে গুৱাহাটী ৰে’ল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰে’লমন্ত্ৰী বৈষ্ণৱে প্ৰকাশ কৰা মতে –

অহা জুনৰ ভিতৰত সকলো ৰাজ্যকে সংযোগ কৰিব দ্ৰুতবেগী ৰে’লে

ৰে’লপথৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱা ৰাজ্যত চলিব দ্ৰুতবেগী ৰে’ল

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লৱেৰ পুঁজি বৃদ্ধি কৰা হৈছে ১০,২০০ কোটিলৈ

অসমত নিৰ্মাণ কৰা হ’ব ১৭৮৭ কিলোমিটাৰ নতুন ৰে’ল পথ

গুৱাহাটীত জাপানৰ দৰে হ’ল ৰে’ল ষ্টেচন

উল্লেখ্য যে, বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ বৈদ্যুতিকৰণ কৰা ১৮২ কিলোমিটাৰ ৰে’ল পথ মুকলি কৰে। এই দ্ৰুতবেগী ৰে’ল সেৱাই অসমৰ লগতে উত্তৰ-পূবৰ যাত্ৰীসকলকো বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...