ছেল্ফী উঠোতেই পানী ভৰ্তি ৰিজাৰ্ভাৰত পৰিল মোবাইল

এজন চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা

কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰ

২১ লাখ লিটাৰ পানী সিঁচি খালী কৰি দিছিল ৰিজাৰ্ভাৰ

পূৰ্বে আমিয়েই প্ৰকাশ কৰিছিলো এক প্ৰতিবেদন। এজন চৰকাৰী বিষয়াৰ আজৱকাণ্ড। হাতৰ পৰা ৰিজাৰ্ভাৰত পৰা মোবাইল উদ্ধাৰৰ বাবে বিষয়াজনে ৩ দিন ধৰি পাম্প চলাই সিঁচি পেলাইছিল ২১ লাখ লিটাৰ পানীৰে ভৰি থকা ৰিজাৰ্ভাৰ। চৰকাৰী বিষয়াৰ এই কাণ্ডই তোলপাৰ লগাগে দেশ।

অৱশেষত চৰকাৰী বিষয়াৰ বিৰুদ্ধে শাস্তি ঘোষণা হ’ল

বিষয়াই জৰিমনা হিচাপে দিব লাগিব ২১ লাখ টকা

এতিয়া বিষয়াৰ মূৰে–কপালে হাত দিয়াৰ পৰ। ১ লাখ টকীয়া IPHONEলৈ বন্ধুৰ সৈতে ছেল্ফী উঠিবলৈ গৈছিল বিষয়াজন।

ছেল্ফী উঠোতেই পানী ভৰ্তি ৰিজাৰ্ভাৰত পৰিল মোবাইল

১০ ফুট দ’ জলভাণ্ডাৰৰ পৰা মোবাইল উলিয়াবলৈ অদ্ভুত কৌশল

তিনিদিন ধৰি পাম্প লগাই সিঁচি পেলালে ৰিজাৰ্ভাৰৰ পানী। এই ঘটনা ঘটে ছত্তিশগড়ত। এই বিষয়াজনৰ নাম ৰাজেশ বিশ্বাস। ছত্তিশগড়ৰ কাকেৰ জিলাৰ কুইলিবেৰাত খাদ্য বিভাগত কৰ্মৰত। দেওবৰীয়া ছুটি উদযাপন কৰিবলৈ গৈ কৰিলে অদ্ভুত কাণ্ড। ১৫শ একৰ ভূমিত থকা জলভাণ্ডাৰ নষ্ট কৰি পেলোৱা দায়িত্বহীন বিষয়াজনক চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে দৰমহাৰ পৰা ধন কৰ্তন কৰিবলৈ নিৰ্দেশ দিলে মহকুমা প্ৰশাসনে। যিমান পৰিমাণৰ পানী নষ্ট কৰিলে সিমান পৰিমানৰ ধন কৰ্তনৰ নিৰ্দেশ দিয়া হয়। এতিয়া বেচেৰাই হাঁহিব নোৱাৰা অৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...