তেওঁলোকে নিযুক্তি পালে, নিযুক্তি পত্ৰ নিবলৈ আহিছে খানাপাৰালৈ। কোনো যদি তিনিচুকীয়াৰ পৰা আহিছে কোনোবা আহিছে কোকৰাঝাৰৰ পৰা। কোনোবাই যদি চতুৰ্থ বৰ্গত নিযুক্তি পাইছে কোনোবাই পাইছে হাইস্কুলৰ শিক্ষকৰূপে। বহু কষ্ট কৰি চাকৰি পোৱাত মুখত হাঁহি বিৰিঙিছে নিযুক্তিপ্ৰাপ্তৰ। সুখ অনুভৱ কৰিছে পৰিয়ালৰ লোকসকলে।
ধন্যবাদ জনালে চৰকাৰক, ধন্যবাদ জনালে মুখ্যমন্ত্ৰীক
‘নিযুক্তিত দুৰ্নীতি হোৱা নাই’
‘মামাই যি কৰিছে জেনুইন কৰিছে’
ঘৰত কাৰো চাকৰি নাই
দেউতাকে ক’লে- মই সকাহ পাম
সন্তানে চাকৰি পাইছে, মাকৰ আনন্দ নালাগিবনে?
ঘৰখনত প্ৰথম চৰকাৰী চাকৰি পাইছে তাই
‘কঠিন পৰিশ্ৰম, সাধনাৰ বাহিৰে বেলেগ পথ নাই’
