পুনৰ জুবিন গাৰ্গৰ মুখত ‘কা’ৰ প্ৰসংগ

ব’হাগত ঐয়াঙে দৈয়াঙে ঘূৰি অসমবাসীক গীতেৰে আপ্লুত কৰা মানুহজনেই জুবিন গাৰ্গ। এইবাৰ জুবিন গাৰ্গ উপস্থিত হ’লগৈ বঙাইগাঁৱত। ইটো সিটো কথাৰ মাজতে জুবিনৰ মুখত শুনা গ’ল- ‘কা’ৰ প্ৰসংগ। জুবিনে ক’লে, এইবাৰ প্ৰতিবাদ কিছু পৃথক ধৰণে হ’ব!

ঐয়াঙে দৈয়াঙে ঘূৰি এইবাৰ বঙাইগাঁৱত জুবিনৰ সংগীতানুষ্ঠান। ইটোৰ পিছত সিটো জনপ্ৰিয় গীত শুনিবলৈ আৰু জুবিনক ওচৰৰ পৰা চাবলৈ লোকে লোকাৰণ্য হৈ পৰিল বঙাইগাঁও জিলাৰ বৰ্ষণগাঁওস্থিত চিলাৰায় ষ্টেডিয়াম। তাৰ মাজতে সাংবাদিকৰ সৈতে কথা পাতোতে এইবাৰ –
পুনৰ জুবিন গাৰ্গৰ মুখত ‘কা’ৰ প্ৰসংগ
‘কা’ৰ বিৰোধিতা আগতেও আছিল, এতিয়াও আছে’
‘এইবাৰ প্ৰতিবাদ কিছু পৃথক ধৰণে হ’ব’

চৰকাৰৰ ভাল কামৰ শলাগো ল’লে জুবিন গাৰ্গে। ক’লে কেইবাটাও নতুন পৰিকল্পনাৰ কথা। বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীক লগ পাই আলিংগন কৰিলে জুবিনে। ৰগৰ কৰি ক’লে, সৰু ল’ৰা ইমান দেৰি ঘৰলৈ নোযোৱাকৈ আছে যে। বঙাইগাঁৱত জুবিন অনুৰাগীৰ আনন্দৰ সীমা নাইকিয়া হল। কোনোবাই যদি নৃত্যত মচগুল কোনোবাই আকৌ গামোচাত লাভ ইউ জুবিন দাৰ বেনাৰ লৈ সম্ভাষণ জনোৱা দেখা গল শিল্পীজনক। কোনোবাজন শুই পৰিল মুকলি খেলপথাৰতে। তাৰ মাজতে ঊলেৰে গুঠি উলিওৱা জুবিনৰ প্ৰতিচ্ছৱি মঞ্চতে জুবিনক প্ৰদান কৰিলে বিদ্যাপুৰ নলডোবাৰ জীয়ৰি তথা অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰী জিমি দেৱীয়ে। বহুসময়ধৰি প্ৰতিচ্ছবিখন চালে জুবিন গাৰ্গে। জুবিনে ভূয়সী প্ৰশংসা কৰিলে জিমি দেৱীক। জিমিৰ দৰে আন কেইবাগৰাকীও শিশু চিত্ৰ শিল্পীয়ে জুবিনক উপহাৰ দিয়ে নিজে অংকণ কৰা জুবিনৰ প্ৰতিচ্ছবি। মুঠতে আকৌ এবাৰ আন আন প্ৰান্তৰ দৰে বঙাইগাঁৱত নিশা এপৰলৈকে চলিল জুবিনৰ যাদু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...