৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানৰ

প্ৰকৃতিয়ে যেন সুকীয়াকৈ সজাইছে মানস ৰাষ্ট্ৰীয় উদ্যানক। কি নাই মানসত? প্ৰকৃতিৰ সেউজীয়া, জীৱ-জন্তুৰ সমৃদ্ধিৰে উদ্ভাসিত হৈ পৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান। এইবাৰ ৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানে। ৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিলে মানস। অসমৰ এখন উল্লেখনীয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানে সদম্ভে জাহিৰ কৰিছে প্ৰকৃতিৰ বুকুত নিজৰ অপূৰ্ব স্থৈৰ্য।

প্ৰকৃতিৰ সেউজীয়া, জীৱ-জন্তুৰ সমৃদ্ধিৰে উদ্ভাসিত মানস ৰাষ্ট্ৰীয় উদ্যান
৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানৰ
৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিলে মানস
৩৩ খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী দেশীয় পৰ্যটকে ভ্ৰমণ কৰিছে মানস
চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজহ লাভ ১,৩৫,৮৪,৪৫০ টকা
সম্প্ৰতিও ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটিয়েই আছে

ৰূপেৰে ভৰা চাদৰখনি সেউজীয়া, জীৱনেৰে ভৰা এই কোলা আলসুৱা। মানস ৰাষ্ট্ৰীয় উদ্যান। প্ৰকৃতিয়ে যেন সুকীয়াকৈ সজাইছে মানসক। সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ হৈ পৰিছে চালে চকুৰোৱা। ইটো সিটো বহুতো বনৰীয়া জীৱ জন্তু দেখি এপলক দৃষ্টিৰে চাই ৰৈছে পৰ্যটকে। কি নাই মানসত? চাওক বীৰদৰ্পে বনলৈ সোমাই গৈছে বনৰজা। সেউজীয়া ঘাঁহনিৰ মাজে মাজে দৌৰিছে এজাবৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা আৰু ৰাজহো। এইবাৰ ৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানৰ।
৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিলে মানস
৩৩ খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী দেশীয় পৰ্যটকে ভ্ৰমণ কৰিছে মানস
চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজহ লাভ ১,৩৫,৮৪,৪৫০ টকা
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ডেৰ মাহত ৰাজহ ১৮,১৫,৬২৫ টকা

মানসত পৰ্যটকৰ সংখ্যা আৰু ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ‘মানস একোমডেশ্যন এণ্ড টুৰিজ্যিম ছ’চাইটি’ আৰু জীপ ছাফাৰিৰ অৱদানৰ কথাও উল্লেখ কৰে৷ চলিত পৰ্যটন বৰ্ষতো মানসত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড॰ বৈভৱ চি মাথুৰে।

সম্প্ৰতিও ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটিয়ে আছে ৷ শেহতীয়া বিত্তীয় বৰ্ষত (২০২২-২৩) মানসত পৰ্যটকৰ পৰা সংগ্ৰহ হৈছে বিগত সাতটা বছৰৰ তুলনাত সৰ্বোচ্চ ৰাজহ ৷ অসমৰ এখন উল্লেখনীয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানে সদম্ভে জাহিৰ কৰিছে প্ৰকৃতিৰ বুকুত নিজৰ অপূৰ্ব স্থৈৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...