কোন ৪টা দলে লাভ কৰিব প্লেঅফছৰ টিকট?

0 287

সন্মুখত IPLৰ প্লে অফছ
কোন ৪টা দলে লাভ কৰিব প্লেঅফছৰ টিকট?
ক্ৰিকেট অনুৰাগীৰ মাজত বাঢ়িছে উৎকণ্ঠা

শ্বাসৰুদ্ধকৰ IPL ২০২৩ এতিয়া সমাপ্তিৰ পৰ্যায়ত। লীগ পৰ্যায়ত বিহু আকৰ্ষণীয় মেচৰ আমোদ লাভ কৰিলে ক্ৰিকেট অনুৰাগীয়ে। আকৰ্ষণীয় মেচেই নহয়, বিতৰ্কৰ বাবেও চৰ্চিত হ’ল এইবাৰৰ টাটা IPL। এইবাৰৰ IPLতে ভাৰতৰ ২ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ বাকযুদ্ধই বিশ্বজুৰি লাভ কৰিলে চৰ্চা। কিন্তু এতিয়া যেন সেই বিতৰ্ক ম্লান পৰিল। প্লেঅফৰ চাৰিটা স্থান কোনে লাভ কৰে তাক লৈ এতিয়া চলিছে ক্ৰিকেট মহলত সৰৱ চৰ্চা। কোনে দলে লাভ কৰিব প্লেঅফৰ টিকট, শীৰ্ষ ৪টা দল এতিয়াও নিশ্চিত হোৱা নাই। দেওবাৰে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ে বাকী ১০টা দলৰ প্লেঅফছত স্থান পোৱাৰ আশা এতিয়াও সজীৱ হৈ আছে। পইণ্টছ তালিকা অনুযায়ী ১৬ পইণ্টেৰে প্ৰথম স্থান দখল কৰি আছে গুজৰাট টাইটানছে। প্লেঅফৰ কোৱালিফায়াৰ ১ত স্থান নিশ্চিত কৰিবলৈ গুজৰাট টাইটানছক মাত্ৰ এখন মেচত জয়ৰ প্ৰয়োজন। আনহাতে, KKRৰ হাতত পৰাজিত হোৱাৰ পিছত চেন্নাইৰ পইণ্টছ তালিকাৰ প্ৰথম আৰু দ্বিতীয় স্থানত সমাপ্তিৰ সম্ভাৱনা ৩৭ শতাংশলৈ হ্ৰাস পাইছে। চেন্নাইয়ে লীগ মেচৰ অন্তিমখন খেলত দিল্লীৰ বিৰুদ্ধে জয়লাভ কৰিব নোৱাৰিলে কঠিন হ’ব প্লেঅফ পোৱাৰ স্থান। ১৫ পইণ্টত থকা চেন্নাই যদি অন্তিমখন মেচত জয়লাভ নকৰে তেন্তে ১৪ পইণ্টত থকা মুম্বাই আৰু লক্ষ্ণৌৱে মাত্ৰ এখন খেলত জয়ী হলেই পইণ্ট তালিকাত চেন্নাইক অতিক্ৰম কৰি প্লে অফত যোগ্যতা অৰ্জনৰ সুবৰ্ণ সুযোগ লাভ কৰিব। ইপিনে, লক্ষ্ণৌ আৰু মুম্বাইৰ বাবে অন্তিম দুখন মেচ অত্যন্ত জৰুৰী। কিন্তু লক্ষ্যণীয়ভাৱে ইয়াৰে এখন খেল দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব। আৰু এইখন মেচত যি দলে জয়ালভ কৰিব সেই দলটোৱে প্লেঅফৰ টিকট লাভ কৰাৰ সম্ভাৱনা অধিক।

ইপিনে, প্লেঅফৰ স্থানত উপনীত হোৱাৰ বাবে বিৰাট কোহলিৰ RCBৰ বাবে এতিয়াও বাট মুকলি হৈ আছে। ১২ পইণ্টত থকা বেংগালুৰু দলটোৱে অন্তিম দুয়োখন মেচত জয়লাভ কৰিলেহে প্লেঅফত স্থান লাভ কৰিব। আনহাতে, RCBৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বাবে প্লেঅফত যোগ্যতা অৰ্জনৰ আশা ক্ষীণ হৈ পৰিছে। যদিহে মুম্বাই, লক্ষ্ণৌ আৰু বেংগালুৰু দলে নিজৰ বাকী থকা মেচকেইখনত পৰাজয়বৰণ কৰে তেতিয়াহে প্লেঅফত স্থান পোৱাৰ সুযোগ থাকিব ৰাজস্থানৰ। একেদৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধেও অন্তিমখন মেচত জয়লাভ কৰিব লাগিব সঞ্জু চেমছনৰ দলটোৱে। আনহাতে, পঞ্জাৱ কিংছৰ বাবে অন্তিম দুখন মেচত জয়লাভ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। যদিহে শেষৰ খেল দুখনত ভাল ৰান ৰেটত জয়লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহে ১৬ পইণ্ট অৰ্জন কৰি প্লেঅফত স্থান পাব পঞ্জাৱে। ইপিনে, পইণ্টছ তালিকাৰ শেষৰ ফালে থকা কলকাতা নাইট ৰাইডাৰ্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছৰ বাবে প্লেঅফছৰ টিকট পোৱাৰ সম্ভাৱনা প্ৰায় নাই বুলিবই পাৰি। IPLৰ আন দলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব এই তিনিটা দলৰ প্লেঅফছৰ ভৱিষ্যত। অকল মেচ জয়লাভ কৰিলেই নহয়, প্ৰায় সকলো দলৰ প্লেঅফত স্থান পোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিব নেট ৰান ৰেটেও। এইবোৰ কোনে জিনিব IPL, কোনে খেলিব প্লে অফৰ মেচ? এতিয়া অপেক্ষা মাথোঁ কেইটামান দিনৰ।

Leave A Reply

Your email address will not be published.