গোগামুখৰ ব’হাগী বিদায় অনুষ্ঠানত এয়া কি সৰ্বনাশ?

‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ..’। ব’হাগ অসমীয়াৰ আয়ুসৰেখা। কিন্তু এই ব’হাগতে এচাম লোকে লজ্জিত কৰিছে গোগামুখৰ অসমীয়াক। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ব’হাগী বিদায় অনুষ্ঠানত ঘটিল অথন্তৰ। আঘাতপ্ৰাপ্ত হ’ল আছু কৰ্মীও।

‘ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ..’
‘ব’হাগেই আনি দিয়ে সমদল গতি..’
‘ই প্ৰভেদক কৰেহি নাশ..’
গোগামুখৰ ব’হাগী বিদায় অনুষ্ঠানত এয়া কি সৰ্বনাশ?
এচাম উদণ্ডৰ অতপালিয়ে পণ্ড কৰিলে অনুষ্ঠান
ভয়ংকৰ মাৰপিটৰ লগতে ভাঙি চূৰমাৰ গাড়ী, হাজাৰ হাজাৰ চকী
আছুৰ কৰ্মীকো প্ৰহাৰ দুৰ্বৃত্তৰ

গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ব’হাগী বিদায় উৎসৱৰ দ্বিতীয়টো দিন। অনুষ্ঠান চলি আছিল ঠিকেই। ব’হাগে আনি দিছিল সমদল গতি। চলি আছিল ৰোহিত সোণাৰৰ সংগীতানুষ্ঠান। তাৰ মাজতে ঘটিল অঘটন।
গোগামুখত এচাম উদণ্ডৰ অতপালিয়ে পণ্ড কৰিলে অনুষ্ঠান
ভয়ংকৰ মাৰপিটৰ লগতে ভাঙি চূৰমাৰ গাড়ী, হাজাৰ হাজাৰ চকী
আছুৰ কৰ্মীকো প্ৰহাৰ দুৰ্বৃত্তৰ

এচাম উদণ্ডৰ উত্পাতত ৰণথলীলৈ পৰিণত হ’ল বিহুতলী। কেৱল চকীয়েই নহয়। গাড়ীৰ গ্লাছৰো চিন মোকাম নাই। সকলো ভাঙি চূৰমাৰ। ইয়াৰোপৰি উদযাপন সমিতিৰ আছু কৰ্মীকো প্ৰহাৰ কৰিলে দুৰ্বৃত্তই।
দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবীত এতিয়া গোগামুখত আছুৱে দিছে স্থানীয় বন্ধ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এচাম দৰ্শকৰ এনে কাণ্ডই লজ্জিত কৰিছে সমগ্ৰ গোগামুখক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...