SI জোনমণি ৰাভাৰ অপমৃত্যু; দুৰ্ঘটনা, আত্মহত্যা নে পৰিকল্পিত হত্যা?

0 15,862

সকলো বিতৰ্কৰ অন্ত পেলাই শেষ হৈ গ’ল এটা জীৱন। মংগলবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত মাত্ৰ ৩০ বছৰ বয়সতে অকাল মৃত্যুক সাৱটিলে নগাঁওৰ আৰক্ষী বিষয়া জোনমণি ৰাভাই। জখলাবন্ধাত নিশা প্ৰায় ১ বজাত বিপৰীত দিশৰ পৰা এখন ট্ৰাকত তীব্ৰবেগত খুন্দা মাৰে জোনমণিৰ এছ-প্ৰেছ’ বাহনখনে। থিতাতে নিহত হয় SI জোনমণি ৰাভা। কিন্তু আৰক্ষী বিষয়াগৰাকীৰ এই প্ৰাণঘাতী দুৰ্ঘটনাক লৈ উদ্ৰেক হৈছে প্ৰশ্নৰ। এয়া দুৰ্ঘটনা, আত্মহত্যা নে পৰিকল্পিত হত্যা? সামাজিক মাধ্যমত ৰাইজৰ প্ৰশ্ন- ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ আক্ৰোশৰ বলি হ’ল নেকি জোনমণি? তাৰ মাজতে পোহৰলৈ আহিছে জোনমণিৰ বিৰুদ্ধে লক্ষীমপুৰ থানাত ৰুজু হোৱা এখন এজাহাৰৰ চাঞ্চল্যকৰ তথ্য। দুৰ্ঘটনাৰ পূৰ্বে গ্ৰেপ্তাৰৰ ভয়ে খেদি ফুৰিছিল নেকি জোনমণি ৰাভাক?

SI জোনমণিৰ অপমৃত্যু

বয়স মাত্ৰ ৩০ বছৰহে হৈছিল

ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে SI জোনমণি ৰাভাই

অবৰ্ণনীয় অৱস্থা পৰিয়ালৰ। হিয়া ঢাকুৰি কান্দি কান্দি ভাগৰি পৰিছে জোনমণিৰ সৈতে ছাঁ-টোৰ দৰে লাগি থকা মাক। মৰমৰ ছোৱালীজনীৰ আকষ্মিক মৃত্যুত উদ্বাউল হৈ পৰিল পৰিয়ালৰ প্ৰতিজন সদস্য। নগাঁৱত জোনমণি ৰাভাৰ নিঠৰ দেহৰ কাষত বৰ্ণনাতীত পৰিৱেশ।

নিশা সময় তেতিয়া প্ৰায় ১ বাজিছিল। নগাঁও সদৰ থানাৰ কাষতে থকা চৰকাৰী আবাসৰ পৰা উজনি অভিমুখে আগবাঢ়িছিল জোনমণিৰ এছ-প্ৰেছ’ বাহনখন। বাহনখন নিজেই চলাইছিল SI জোনমণিৰ ৰাভাই। তেনেসময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত তীব্ৰবেগত খুন্দা জোনমণিৰ। থিতাতে নিহত হয় জোনমণিৰ ৰাভা।

নিশাৰ এই পথ দুৰ্ঘটনাৰ খবৰ পুৱালৈ বনজুইৰ দৰে বিয়পি পৰিল। মৰোণত্তৰ পৰীক্ষাৰ পিছত নগাঁও আৰক্ষী চাউনিলৈ উভতি অহা SI জোনমণিৰ ৰাভাৰ মৃতদেহ সন্মুখ লৈ ক্ৰন্দনত ভাগি পৰিল সতীৰ্থ আৰক্ষী। দক্ষ, সাহসী মহিলা আৰক্ষী বিষয়াগৰাকীৰ আকষ্মিক আৰু অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিল সমগ্ৰ নগাঁও আৰক্ষী।

একে সময়তে আৰক্ষী বিষয়াগৰাকীৰ এই প্ৰাণঘাতী দুৰ্ঘটনাক লৈ উদ্ৰেক হৈছে প্ৰশ্নৰ। এয়া দুৰ্ঘটনা, আত্মহত্যা নে পৰিকল্পিত হত্যা? সামাজিক মাধ্যমত ৰাইজৰ প্ৰশ্ন- ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ আক্ৰোশৰ বলি হ’ল নেকি জোনমণি? সকলোৰে দাবী- SI জোনমণিৰ ৰাভাৰ ৰহস্যজনক প্ৰাণঘাতী দুৰ্ঘটনা তদন্ত হ’ব লাগে। ইয়াৰ মাজতে পোহৰলৈ আহিল এখন এজাহাৰৰ তথ্য। NKTVৰ হাতত পৰা সেই এজাহাৰ এইখন। য’ত অভিযুক্তৰ তালিকাত প্ৰথম নামটোৱেই SI জোনমণিৰ ৰাভাৰ। SI জোনমণিৰ ৰাভাৰ সৈতে অভিযুক্তৰ দীঘলীয়া তালিকা। এজাহাৰখন দাখিল হৈছিল লখিমপুৰ থানাত। এজাহাৰকাৰী লখিমপুৰৰ ২নং বৰছলাৰ জনৈক আমিনা খাতুন।

এজাহাৰত SI জোনমণিৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ। ভুৱা অভিযোগত দুজন লোকক নিৰ্মম অত্যাচাৰ। বলপূৰ্বক নগদ ৮০ হাজাৰ টকা সংগ্ৰহ। আৰু ৬ লাখ টকা ধন দাবী। ধন নিদিলে গুলীয়াই মৰাৰ ভাবুকি। এজাহাৰকাৰীৰ পুত্ৰৰ পৰা এখন ব্ৰীজা গাড়ীও বলপূৰ্বকভাবে লৈ যোৱাৰ অভিযোগ। এজাহাৰখনত উল্লেখ থকা মতে এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল ৬ মে’ৰ নিশা। পিছদিনা জোনমণিক ৬ লাখ টকা আদায় দিয়াৰো অভিযোগ এজাহাৰকাৰীৰ।

SI জোনমণিৰ ৰাভাৰ বিৰুদ্ধে দাখিল হোৱা এই এজাহাৰৰ সম্ভেদ লগে লগেই পাইছিল আৰক্ষীৰ উৰ্ধতন কতৃপক্ষই। খবৰ অনুসৰি মংগলবাৰে গ্ৰেপ্তাৰ হোৱাৰ কথা আছিল জোনমণি। নিশা SPৰ গালিও খাইছিল হেনো জোনমণিয়ে।

জখলাবন্ধাত SI জোনমণিৰ দুৰ্ঘটনা সংঘটিত হৈছিল নিশা প্ৰায় ১ বজাত। আৰু নিশা ৩ বজাত জোনমণিৰ নগাঁৱৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ এই অভিযানত ৯০ হাজাৰ টকা জব্দ হোৱা বুলিও এটা সূত্ৰত প্ৰকাশ। কিন্তু জোনমণিৰ পৰিয়ালৰ মতে সেই ধন তেওঁলোকৰ নিজা আছিল।

অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাবে একো কোৱা নাই। সমগ্ৰ বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত। সকলো কথা স্পষ্টভাবে পোহৰলৈ অহা নাই। কথাবোৰ জানিবলৈ ব্যগ্ৰ হৈ আছে ৰাইজ। সঁচাকৈয়ে জোনমণিৰ মৃত্যুৰ কাৰণ দুৰ্ঘটনা? নে এয়া আত্মহত্যাৰ ঘটনা?

Leave A Reply

Your email address will not be published.