হোৱাইট হাউছৰ সমীপত মাৰণাস্ত্ৰসহ ভেনেজুৱেলাৰ যুৱকক গ্ৰেপ্তাৰ! ট্ৰাম্পক হত্যাৰ পৰিকল্পনাৰ অভিযোগ, যুৱকজনৰ বাহনৰ পৰা উদ্ধাৰ ৰাইফল-পিষ্টল আৰু গুলী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ৰনি ইয়ৰ্ড্ৰিক্স গুয়ানিপা ক্ৰিনোছ (Ronny Yordrix Guanipa Chrinos) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আমেৰিকাৰ Department of Homeland Security (DHS)-এ। ২৬ বছৰীয়া যুৱকজন ভেনেজুৱেলাৰ নাগৰিক। তেওঁৰ পৰা এটা AR-15 ৰাইফল, দুটা হেণ্ডগান আৰু বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা হোৱাইট হাউছৰ সমীপৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত আছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, হোৱাইট হাউছৰ চৌহদৰ সমীপত এখন নীলা ৰঙৰ Ford F-150 পিকআপ ট্ৰাক ৰখাই থোৱা দেখি ছিক্ৰেট ছাৰ্ভিচৰ এজন বিষয়াৰ সন্দেহ হয়। ইয়াৰ পিছতে ক্ৰিনোছক সোধা-পোছা আৰম্ভ কৰে নিৰাপত্তাৰক্ষীয়ে। তদন্তকাৰীসকলৰ দাবী অনুসৰি, সোধা-পোছাৰ সময়ত যুৱকজনে তেওঁলোকক কয় যে, তেওঁৰ মূৰৰ ভিতৰত কোনোবাই যেন কৈ আছিল যে, ট্ৰাম্পক হত্যা কৰিব লাগে। এই কথা শুনাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰি গাড়ীখনত তালাচী চলোৱা হয়।

সূত্ৰৰ খবৰ অনুসৰি, গাড়ীখনৰ ভিতৰৰ পৰা এটা MAC-10 ছাবমেচিন গান, এটা Glock 43x পিষ্টল আৰু এটা AR-15 ৰাইফল উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি কেইবা ডজনো গুলী উদ্ধাৰ হোৱা বুলি তদন্তকাৰীসকলে দাবী কৰিছে।

ইয়াৰ উপৰিও গাড়ীখনৰ নম্বৰ প্লেট পৰীক্ষা কৰি জানিব পৰা যায় যে ট্ৰাকখন দক্ষিণ কেৰ’লিনাৰ পৰা চুৰি কৰি অনা হৈছিল। ধৃত যুৱকজনৰ বিৰুদ্ধে গাড়ী চুৰি, চুৰি সম্পত্তি নিজৰ জিম্মাত ৰখা আৰু অনুজ্ঞাপত্ৰ অবিহনে পিষ্টল তথা ৰাইফল লগত ৰখাকে ধৰি কেইবাটাও অভিযোগ উত্থাপন কৰা হৈছে।

DHS-ৰ দাবী অনুসৰি, ক্ৰিনোছ ভেনেজুৱেলাৰ নাগৰিক আৰু আমেৰিকাত বসবাস কৰাৰ বাবে তেওঁৰ হাতত বৈধ নথি-পত্ৰ নাই। ২০২৪ চনত টেক্সাছৰ সীমান্তৰে তেওঁ আমেৰিকাত প্ৰৱেশ কৰিছিল বুলিও দাবী কৰা হৈছে।

ফৌজদাৰী গোচৰত তেওঁ জামিন লাভ কৰিলেও অভিবাসন আইন অনুসৰি তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ Immigration and Customs Enforcement (ICE)-এ তেওঁক নিজৰ জিম্মাত লোৱাৰ দাবী জনাব পাৰে।

এই সন্দৰ্ভত আমেৰিকান ছিক্ৰেট ছাৰ্ভিছৰ সঞ্চালক শন কাৰানে কয়, ‘হোৱাইট হাউছৰ আশে-পাশে অস্ত্ৰ-শস্ত্ৰসহ সন্দেহজনক ব্যক্তিৰ উপস্থিতি নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট উদ্বেগজনক।’

গ্ৰেপ্তাৰৰ পিছত ক্ৰিনোছক ৱাশ্বিংটনৰ ডি চি ছুপিৰিয়েৰ ক’ৰ্টত হাজিৰ কৰোৱা হয়। আদালতৰ অনলাইন নথি অনুসৰি, বিচাৰকে তেওঁৰ জামিনৰ আবেদন নাকচ কৰিছে। বৰ্তমান তেওঁক কাৰাগাৰত ৰখা হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আমেৰিকাৰ মাৰ্শ্বেল ছাৰ্ভিচে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নৱম শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল! ১৫ বছৰীয়া পুত্ৰক ২ কোটি ৩০ লাখ টকাৰ BMW উপহাৰ পিতৃৰ

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ গলছিত সংঘটিত এক ঘটনাই এতিয়া...

ট্ৰাম্পৰ দলৰ পৰাজয়ৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত উত্থান! দীপাৱলীৰ পূৰ্বে বিনিয়োগকাৰীৰ সম্পত্তি বৃদ্ধি প্ৰায় ৮ লাখ কোটি টকা

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ...