বিহুমঞ্চত ‘জুবিন’ নামটোৰ অৰ্থ বুজালে জুবিনে

কিছু ধেমালি, কিছু ৰগৰ আৰু একাধিক জনপ্ৰিয় গীতৰ শৰাই লৈ জুবিনে এইবাৰ ঠায়ে ঠায়ে ৰচিছে সংগীতৰ মায়াজাল। শিৱসাগৰ জিলাৰ ভটিয়াপাৰ কেন্দ্ৰীয় বিহু সন্মিলনত জুবিন গাৰ্গৰ গীতৰ মায়াজালত বন্দী হল দহ সহস্ৰাধিক দৰ্শক। শিৱসাগৰত বিহুমঞ্চত ‘জুবিন’ নামটোৰ অৰ্থ বুজালে জুবিনে। জুবিনে আকৌ এবাৰ ক’লে- ‘পলিটিক্স মই বুজি নাপাওঁ’
………………………………………..
‘জুবিন’ নামটোৰ অৰ্থ কি?
আপুনি ‘পপীয়া তৰা’ দেখিছেনে?
বিহুনামত উচ্চাৰণ কেনেকুৱা হ’ব লাগে?

শিৱসাগৰ জিলাৰ ভটিয়াপাৰ কেন্দ্ৰীয় বিহু সন্মিলনত জুবিন গাৰ্গৰ গীতৰ মায়াজালত বন্দী দহ সহস্ৰাধিক দৰ্শক। বিহুমঞ্চত প্ৰায়েই ইটো সিটো কথাৰে দৰ্শকক আপ্লুত কৰে জুবিন গাৰ্গে। তাৰ মাজে মাজে কেতিয়াবা কয় কেতবোৰ বিতৰ্কিত কথাও। এইবাৰ অৱশ্যে জুবিন গাৰ্গ কিছু পৃথক হৈছে। সেই কথা আমি আগতেও পাতিছোঁ। শেহতীয়াকৈ শিৱসাগৰৰ ভটিয়াপাৰৰ বিহুমঞ্চত জুবিন গাৰ্গে কলে ইটো সিটো বহুতো। প্ৰথমেই চাওক, খালী ভৰিৰেই মঞ্চত গীত গাইছে জুবিনে। নেপথ্যত দৰ্শকৰ বিপুল সঁহাৰি।

বিহুমঞ্চত ‘জুবিন’ নামটোৰ অৰ্থ বুজালে জুবিনে
‘জুবিন’ মানে তৰোৱাল, হেংদাঙৰ দৰে!

সকলোৱে বিভিন্ন সময়ত জুবিন গাৰ্গক ৰাজনৈতিক বিষয়ৰ সৈতে সাঙুৰিব বিচাৰে। কিন্তু জুবিনে আকৌ এবাৰ কলে- ‘পলিটিক্স মই ভাল নাপাওঁ’

এইসমূহৰ মাজে মাজে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই গল ৰাইজৰ মাজৰ শিল্পীজনে। আন এটি জনপ্ৰিয় গীত পপীয়া তৰা গোৱাৰ সময়ত জুবিনে ৰগৰ কৰি কলে,

‘আপুনি ‘পপীয়া তৰা’ দেখিছেনে? মই ৩২ বাৰ মান দেখিছোঁ’

সহশিল্পীক উদ্দেশ্যি ধেমেলীয়াকৈ জুবিন গাৰ্গে কলে- বিহুনামত ৰ ৰ উচ্চাৰণৰ কথা। কলে- মোৰ ঘৰ শিৱসাগৰত। মই জাঁজী তামুলীচিগাৰ ল’ৰা । তামুলীচিগাত মোৰ দেউতাৰ ঘৰ । জুবিনৰ চিনেমাকেইখন সফল কৰাৰ ক্ষেত্ৰত শিৱসাগৰবাসীৰ যথেষ্ট অৰিহনা আছে বুলি কৈ প্ৰকাশ কৰিলে কৃতজ্ঞতা।

গীত পৰিবেশনৰ মাজতে এজন উদীয়মান চিত্ৰশিল্পীয়ে নিজে অংকন কৰা জুবিন গাৰ্গৰ চিত্ৰ উপহাৰ দিয়াৰ লগতে আন এজন যুৱকে নিজে লিখা গীত উপহাৰ দিলে জুবিন গাৰ্গক। আৰু এনেকৈয়ে কিছু ধেমালি, কিছু ৰগৰ আৰু একাধিক জনপ্ৰিয় গীতৰ শৰাই লৈ জুবিনে সামৰিলে শিৱসাগৰৰ অনুষ্ঠান। শেষ নিশালৈকে ৰাইজ ডুবি থাকিল জুবিনৰ গীতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...