১২ মে’ৰ পৰা ৩ দিনীয়াকৈ উদযাপিত হ’ব ঐতিহাসিক ফাট বিহু

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ আছে এক সাতামপুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতে ম’হঘূলি চাপৰিত তাহানিৰে পৰা পালন কৰি অহা হৈছে ফাট বিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ১২ মে’ৰ পৰা ৩ দিনীয়াকৈ উদযাপিত হ’ব ঐতিহাসিক ফাট বিহু।

উদুলি-মুদুলি ম’হঘূলি চাপৰি
চাৰিকড়ীয়া নদীৰ পাৰত যুদ্ধকালীন প্ৰস্তুতি
১২ মে’ৰ পৰা ৩ দিনীয়াকৈ উদযাপিত হ’ব ঐতিহাসিক ফাট বিহু
৯০ শতাংশ সম্পূৰ্ণ তোৰণ, অতিথি গৃহৰ কাম

ঢকুৱাখনাত পূৰ্ণ গতিত চলিছে ঐতিহ্যমণ্ডিত ফাটবিহুৰ প্ৰস্তুতি। ফাটবিহুৰ বাকৰিত চলিছে যুদ্ধকালীন তৎপৰতা। এজাক যুৱতীৰ খিল খিল হাঁহিত মুখৰিত হৈ পৰিছে ফাটবিহুৰ বাকৰি। সকলোৰে যেন ব্যস্ততাৰ অন্ত নাই। ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই  ১২মে’ৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব ঐতিহ্যমণ্ডিত ফাটবিহু। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ সেউজ পৰিৱেশত উদযাপিত হব এই ফাটবিহু। ন-ৰূপত সজাই পৰাই তোলা হৈছে ৩৭বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহুৰ বাকৰি। ১১খনকৈ উপ-সমিতিৰ বিষয়ববীয়াই যুদ্ধসদৃশ তৎপৰতাৰে উজান দিছে কামত।

ইফালে, অহা ১৪ মে’লৈকে অনুষ্ঠিত হ’বলগীয়া ফাটবিহু ২০২৩ উৎসৱৰ বাবে বিহুপ্ৰেমীক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। ইতিমধ্যে অতিথিগৃহ,তোৰণ নিৰ্মাণৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। ম’হঘুলি চাপৰিৰ বিনন্দীয়া পৰিৱেশত বিহুত উতলা হ’বলৈ সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...