DRDOৰ জ্যেষ্ঠ বিজ্ঞানী পুনেত গ্ৰেপ্তাৰ

ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নথি সুন্দৰী মহিলাৰে সান্নিধ্যৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাৰ হাতত অৰ্পণ কৰাৰ অভিযোগত DRDOৰ জ্যেষ্ঠ বিজ্ঞানী পুনেত গ্ৰেপ্তাৰ। জেৰা চলাইছে মহাৰাষ্ট্ৰৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে।

দেশৰ প্ৰতিৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ Defence Research & Development Organisation চমুকৈ DRDO

DRDOৰ এজন জ্যেষ্ঠ বিজ্ঞানীক গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ স্কোৱাডৰ

পাক চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰা বুলি বিষয়াজনৰ বিৰুদ্ধে অভিযোগ

পুনেৰ DRDO (Engineers)ৰ সঞ্চালক প্ৰদীপ কুৰুলকাৰ নামৰ এজন ৬০ বছৰীয়া বিজ্ঞানী মহাৰাষ্ট্ৰ আৰক্ষীৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে গ্ৰেপ্তাৰ কৰিছে। বিজ্ঞানীজনৰ বিৰুদ্ধে অভিযোগ তেওঁ পাকিস্তানী চোৰাংচোৱাই পৰিচালনা কৰা হোৱাটছএপ যোগে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি হ’ব পৰা তথ্য প্ৰেৰণ কৰিছিল। বহু গুৰুত্বপূৰ্ণ তথ্য তেওঁ গোপনে শত্ৰু দেশখনৰ চোৰাংচোৱাক অৰ্পণ কৰা বুলি তথ্য প্ৰকাশ পাইছিল।

হানীট্ৰেপিঙেৰে জালত পেলোৱা হৈছিল বিজ্ঞানীজনক

সুন্দৰী নাৰীৰ ফটো দি ফচোৱা হৈছিল তেওঁক

১৯৮৮ চনৰ পৰাই DRDOৰ সৈতে জড়িত আছিল বিষয়াজন

DRDOৰ বহু গোপন প্ৰকল্পৰো তেওঁ সঞ্চালক আছিল

এটা গুৰুত্বপূৰ্ণ দায়িত্বত থকা বিজ্ঞানী বিষয়াজনৰ সন্দৰ্ভত DRDOই গোপনে অনুসন্ধান চলাই তথ্য লাভ কৰাৰ পিছত মহাৰাষ্ট্ৰ আৰক্ষীৰ এণ্টি টেৰ’ৰিটষ্টত গোচৰ তৰাৰ পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি তেওঁ স্কোৱাডৰ বিষয়াই জেৰা চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতক বিশ্ব লেব-গ্ৰ’ন ডায়মণ্ড বজাৰ দখলৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেমছ এণ্ড জুৱেলাৰী এৱাৰ্ডছত কেন্দ্ৰীয় গৃহমন্ত্ৰী...

ডিমৌ–নিতাইপুখুৰী পথত অধিকাংশ সৌৰ লাইট বিকল, ক্ষোভিত ৰাইজ

অসম মালা আঁচনিৰ অধীনত বকতা খামুনৰ পৰা পানীদিহিঙৰ বামৰজাবাৰীলৈকে...

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...