বিগত বৰ্ষৰ তুলনাত গুৱাহাটী বিমানকোঠত ২০২২-২৩ বিত্তীয় বৰ্ষৰ শীতকালত বৃদ্ধি পালে ১০ লাখ যাত্ৰী

২২-২৩ বিত্তীয় বৰ্ষৰ শীতকালৰ সময়ছোৱাত গুৱাহাটী বিমানকোঠত আতিথ্য প্ৰদান কৰা হ’ল প্ৰায় ৩০ লাখ যাত্ৰীক

যোৱা বছৰৰ তুলনাত ২২-২৩ বিত্তীয় বৰ্ষৰ শীতকালত বৃদ্ধি পালে ১০ লাখ যাত্ৰী

২০২২ বছৰৰ শীতকালৰ তুলনাত প্ৰায় ৪০০০ বিমান পৰিবহণৰ গতি বৃদ্ধি

এই বৰ্ষৰ শীতকালত দুটা আন্তঃৰাষ্ট্ৰীয় সংযোগ ক্ৰমে ছিংগাপুৰলৈ এখন আৰু ভূটানৰ পাৰোলৈ ১ খন

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠে বিগত বছৰত প্ৰায় ৩২খনকৈ দেশীয় আৰু তিনিখনকৈ আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানৰ লগত উত্তৰ-পূবক সংযোগ কৰাৰ সফলতা লাভ কৰিছে।

২২-২৩ বিত্তীয় বৰ্ষৰ শীতকালত প্ৰায় ২৮ লাখ যাত্ৰীয়ে (২৭,৭৪৭৭৯) যাত্ৰা কৰিলে, যিটো যোৱা সংশ্লিষ্ট বছৰৰ শীতকালৰ তুলনাত তীব্ৰ বৃদ্ধিৰ সাক্ষী হিছাপে স্বীকৃতি লাভ কৰিছে। যোৱা বছৰ শীতকালত প্ৰায় ২০ (১৯৯৬৫৬৭) লাখ যাত্ৰীয়ে বিমানকোঠলৈ অহা-যোৱা কৰিছিল। মুঠ যাত্ৰীৰ ভিতৰত প্ৰায় ১৪ লাখ (১৩৫১০৮৬) লোক আছিল প্ৰস্থান যাত্ৰী আৰু বাকীসকল আছিল আগমন যাত্ৰী যিটো যোৱা বছৰৰ শীৰকালৰ তুলনাত প্ৰায় ৩৮% বেছি।

২২-২৩ বিত্তীয় বৰ্ষত শীতকালত, গুৱাহাটীৰ পৰা সংযোগ হোৱা শীৰ্ষ তিনিটা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান হ’ল মুম্বাই, দিল্লী আৰু বাংগালুৰু। একেদৰে দুটা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান হ’ল ছিংগাপুৰ আৰু পাৰো।

২২-২৩ বিত্তীয় বৰ্ষ শীতকালত, বিমানকোঠত প্ৰায় ২৪ হাজাৰ (২৩৫৫৮) বিমানৰ গতিবিধি হৈছিল, যিটো যোৱা বিত্তীয় বছৰৰ শীতকালৰ তুলনাত ১৫% বেছি।

উল্লেখযোগ্য যে, বিমানকোঠ কতৃপক্ষই গ্ৰহণ কৰা যাত্ৰীকেন্দ্ৰিক সা-সুবিধা আৰু নিৰাপত্তাই এই বৃদ্ধিৰ সূচনা কৰা বুলি মত পোষণ কৰে।

তাৰ বিপৰীতে, বিমানকোঠটোৱে ২২-২৩ বিত্তীয় বৰ্ষৰ শীতকালত , প্ৰায় ২৮ লাখ যাত্ৰীৰ অহা-যোৱাৰ অভিলেখ সৃষ্টি কৰিছিল। এই পৰিসংখ্যাই দেখুৱাইছে যে, কভিড মহামাৰীৰ সময়ছোৱাৰ পিছত বিমান যাত্ৰাৰ পুনৰ উত্থান ঘটিছে।

একেদৰে, গুৱাহাটী বিমানকোঠত ধাৰাবাহিক ভাৱে যাত্ৰী আৰু বিমানৰ বৃদ্ধিৰ সংখ্যাই এই বৰ্ষৰ গ্ৰীষ্মকালীন অনুসূচীত অধিক উত্থানৰ আশা কৰিছে। ইয়াৰ অংশ হিচাপে আজিৰে পৰা গুৱাহাটী বিমানকোঠৰ পৰা দিল্লীলৈ, এয়াৰ ইণ্ডিয়াৰ AI891 নম্বৰ বিমানখনে চলাচল আৰম্ভ কৰে। আজিৰে পৰা ৰাতি ২০৫৫ ঘণ্টাত দিল্লীৰ পৰা গুৱাহাটীলৈ আৰু AI892 নম্বৰৰ বিমানখনে ২১৩৫ বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰে। এইখন বিমান কেৱল সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ শনিবাৰেহে চলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজত আকৌ যুদ্ধৰ আশংকা? আমেৰিকাৰ কঠোৰ পদক্ষেপৰ পাছত ইৰাণৰ হুংকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন...

বৌদ্ধ মঠত ধ্যান কৰি থাকোঁতেই ম্যানমাৰ সেনাৰ এয়াৰষ্ট্ৰাইক, মৃত্যু ১৪জনৰ

ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ...

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...