DRDOৰ জ্যেষ্ঠ বিজ্ঞানী পুনেত গ্ৰেপ্তাৰ

ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নথি সুন্দৰী মহিলাৰে সান্নিধ্যৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাৰ হাতত অৰ্পণ কৰাৰ অভিযোগত DRDOৰ জ্যেষ্ঠ বিজ্ঞানী পুনেত গ্ৰেপ্তাৰ। জেৰা চলাইছে মহাৰাষ্ট্ৰৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে।

দেশৰ প্ৰতিৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ Defence Research & Development Organisation চমুকৈ DRDO

DRDOৰ এজন জ্যেষ্ঠ বিজ্ঞানীক গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ স্কোৱাডৰ

পাক চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰা বুলি বিষয়াজনৰ বিৰুদ্ধে অভিযোগ

পুনেৰ DRDO (Engineers)ৰ সঞ্চালক প্ৰদীপ কুৰুলকাৰ নামৰ এজন ৬০ বছৰীয়া বিজ্ঞানী মহাৰাষ্ট্ৰ আৰক্ষীৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে গ্ৰেপ্তাৰ কৰিছে। বিজ্ঞানীজনৰ বিৰুদ্ধে অভিযোগ তেওঁ পাকিস্তানী চোৰাংচোৱাই পৰিচালনা কৰা হোৱাটছএপ যোগে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকি হ’ব পৰা তথ্য প্ৰেৰণ কৰিছিল। বহু গুৰুত্বপূৰ্ণ তথ্য তেওঁ গোপনে শত্ৰু দেশখনৰ চোৰাংচোৱাক অৰ্পণ কৰা বুলি তথ্য প্ৰকাশ পাইছিল।

হানীট্ৰেপিঙেৰে জালত পেলোৱা হৈছিল বিজ্ঞানীজনক

সুন্দৰী নাৰীৰ ফটো দি ফচোৱা হৈছিল তেওঁক

১৯৮৮ চনৰ পৰাই DRDOৰ সৈতে জড়িত আছিল বিষয়াজন

DRDOৰ বহু গোপন প্ৰকল্পৰো তেওঁ সঞ্চালক আছিল

এটা গুৰুত্বপূৰ্ণ দায়িত্বত থকা বিজ্ঞানী বিষয়াজনৰ সন্দৰ্ভত DRDOই গোপনে অনুসন্ধান চলাই তথ্য লাভ কৰাৰ পিছত মহাৰাষ্ট্ৰ আৰক্ষীৰ এণ্টি টেৰ’ৰিটষ্টত গোচৰ তৰাৰ পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি তেওঁ স্কোৱাডৰ বিষয়াই জেৰা চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...