মানুহ হিচাপে জীয়াই থাকিবলৈ অনুপযোগী হৈ উঠিছে এই পৃথিৱী!

মানুহ থকাৰ যেন অনুপযোগী হৈ উঠিছে পৃথিৱী! সমাজৰ এক শ্ৰেণীৰ লোকে নিজ কামনাৰ চৰিতাৰ্থ পূৰ্ণৰ অৰ্থে সংঘটিত কৰিছে ইটোৰ পিছত সিটো নিৰ্লজ্জ কাণ্ড। এটা দিনতে তিনিটাকৈ ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ খবৰ আহিল। কোনোজন অভিযুক্ত যদি মন্দিৰৰ পুৰোহিত, কোনোজন বিশ্বাসীৰ ভাও ধৰা প্ৰতিবেশী।

তিনিটা ঠাইৰ পৰা আহিছে ধৰ্ষণৰ খবৰ!
পালিত পিতৃৰ হাতত অন্তঃসত্ত্বা ১৩ বছৰীয়া কন্যা
কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত ৯ বছৰীয়া নাবালিকাক ধৰ্ষণ
সৰুপথাৰত নাবালিকা কিশোৰীক অপহৰণ-ধৰ্ষণৰ অভিযোগ

পৃথিৱী ইমান খৰটকীয়াকৈ এক নিৰ্লজ্জ আৰু কামনাপ্ৰধান পৰিস্থিতিলৈ গতি কৰিছে যে আমি আপোনাক ধৰ্ষণৰ দৰে এক পাশৱিক ঘটনাৰ সামগ্ৰিক প্ৰতিবেদন যুগুত কৰিবলগীয়া হৈছে।
তিনিটা ঠাইৰ পৰা আহিছে ধৰ্ষণৰ খবৰ
দেৰগাঁৱত মন্দিৰৰ পুৰোহিত পিতৃৰ লজ্জাহীন কাণ্ড
পালিত পিতৃৰ হাতত অন্তঃসত্ত্বা ১৩ বছৰীয়া কন্যা

১৩ বছৰীয়া পালিতা কন্যাক ভয় ভাৱুকিৰে বাধ্য কৰালে নিজৰ জঘন্য কামনাৰ বলি হ’বলৈ ।যাৰ প্ৰতিক্ৰিয়া স্বৰূপে এতিয়া ৩মাহৰ অন্তঃসত্ত্বা নিজৰেই পালিতা জী।স্থানীয় আশাকৰ্মীৰ জড়িয়তে এই ঘটনা পোহৰলৈ অহাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেৰগাঁও মিছামৰাৰ বাউৰী টিকাত। এই ঘটনা পোহৰলৈ অহাত ইতিমধ্যেই পলায়ন কৰে অভিযুক্ত শম্ভু দুচাদ নামৰ পুৰোহিত জন। অঞ্চলটোত থকা এটা মণ্ডিৰত কৰ্মৰত এইজন পুৰোহিত। স্থানীয় লোকৰ সহযোগত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে দেৰগাঁও আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দিয়াৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে স্বামীৰ লগত বিচ্ছেদ হোৱাৰ পাছত কিশোৰীগৰাকীৰ মাতৃয়ে বিবাহ কৰাইছিল এই শম্ভু দুচাদ নামৰ লোকজনক। এতিয়া সকলোৱে নৰাধম শম্ভু দুচাদৰ কঠোৰ শাস্তীৰ দাবী জনাইছে।

কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত ৯ বছৰীয়া নাবালিকাক ধৰ্ষণ

সঞ্জয় ৰায় নামৰ এটা লম্পটে প্ৰতিবেশী ৯ বছৰীয়া এগৰাকী নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক উপৰযোপুৰি ধৰ্ষণ কৰে। স্থানীয় লোকে ধৰ্ষণকাৰী লম্পট সঞ্জয় ৰায়ক খেদি লৈ গৈ আটক কৰে। আৰু লপাথপা দি আৰক্ষীৰ হাতত গতাই দিয়ে।

সৰুপথাৰত নাবালিকা কিশোৰীক অপহৰণ-ধৰ্ষণৰ অভিযোগ

ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত সংঘটিত হৈছে এই জঘন্য কাণ্ড। অভিযোগ অনুসৰি উৰিয়ামঘাট পিঠাঘাটৰ জাহিৰুল আলি নামৰ যুৱকজনে একেই গাঁৱৰে এজনী নাবালিকা কিশোৰীক অপহৰণ কৰি ধৰ্ষন কৰে বুলি নাবালিকা কিশোৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। ১৩ বছৰীয়া নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে যুৱক জনৰ বিৰুদ্ধে এক গোছৰ ৰুজু কৰিছে। ব্যক্তি জনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। এনেকৈয়ে এতিয়া এচাম পশুতুল্য লোকে নিজ কামনাৰ চৰিতাৰ্থ পূৰ্ণৰ অৰ্থে সংঘটিত কৰিছে ইটো সিটো নিৰ্ল্জ্জ কাণ্ড। ইয়াৰ অৱসান কেতিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...