অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ

দুখীয়া ৰাইজৰ এটি পকীঘৰ নিৰ্মাণ সপোনক সাকাৰ ৰূপ দিবৰ হেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)”ৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈকে মুঠ ১০,০২,৯৩৫ টা পকীঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাত অসমত এই আঁচনি ৰূপায়ণৰ কাম অধিক ক্ষিপ্ৰতৰ হৈ উঠিছে ৷

“প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)” ৰ পৰিসংখ্যাসমূহ এনেধৰণৰঃ-
✅ ২০১৬ চনৰ পৰা ০৯/০৫/২০২১ লৈকে নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে = ৪,০৪,৩০৪ টা
✅ ১০/০৫/২০২১ ৰ পৰা ২৬/০৪/২০২৩ লৈকে নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে = ৫,৯৮,৬২৭ টা
✅ কালিৰ দিনটোত নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে = ৩,২১০ টা ৷

উল্লেখ্য যে, এই আঁচনিৰ অধীনত আৰু ৯ লাখ গৃহৰ নিৰ্মাণৰ কাম অব্যাহত আছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...