‘অসম কৃষি আয়োগ’ৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে কি কৰিছে লখিমপুৰত?

লখিমপুৰত “অসম কৃষি আয়োগ”ৰ প্ৰতিনিধি দল, বুজ ল’লে কৃষক আৰু কৃষিৰ লগত জৰিত সমস্যাৰ অসম কৃষি আয়োগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে দুদিনীয়া কাৰ্যসূচীৰে ২৫ এপ্ৰিলত লখিমপুৰ জিলাত উপস্থিত হয়। দলটোৱে প্ৰথমে জহিংস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে বিশেষ বাৰ্তালাপত মিলিত হয়।ইয়াৰ পাছত আয়োগৰ দলটোৱে লখিমপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত বিভাগীয় বিশেষজ্ঞ, বিষয়া কৰ্মচাৰী, একাংশ কৃষক আৰু FPCৰ সদস্য সকলৰ সৈতে এখন গুৰত্বপূৰ্ণ সভাত মিলিত হয়।

উক্ত সভাত জিলাখনৰ কৃষি ভূমিত চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, খেতি পথাৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ, কিদৰে শস্যক পোক প্ৰতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি, গাহৰি পালন, গাহৰি পালকসকলে সন্মুখীন হোৱা সমস্যা আৰু সমাধানৰ উপায়, খেতিয়কৰ উৎপাদন বৃদ্ধি, কৃষকৰ আয় বৃদ্ধিৰ লগতে কৃষি বাণিজ্য সম্প্ৰসাৰণৰ ও বজাৰ সৃষ্টি আদি বিষয়ত মত বিনিময় কৰে।

ইফালে ২৬ এপ্ৰিলৰ দিনা অসম চৰকাৰৰ অধীনস্থ কৃষি আয়োগৰ দলটোৱে প্ৰথমে জিলাখনৰ লালুক কৃষি চক্ৰৰ অন্তৰ্গত কৰুণাবাৰী বীজ পামত উপস্থিত হৈ প্ৰগতিশীল কৃষকসকলৰ সৈতে কৃষিখণ্ডত তেওঁলোক সন্মুখীন হোৱা সমস্যাৰ লগতে সমল সুবিধাসমূহৰ খতিয়ান লয়। তাৰ পিছত দলটোৱে নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ অধ্যক্ষসহিতে কাৰ্যবাহী সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত উদ্যানশস্য, মীন পালন, গাহৰি পালন আদি বিষয়ত দুয়োপক্ষই আলোচনা কৰে।

আগন্তুক সময়ত অসমৰ কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৰ্বাংগীণ বিকাশৰ জৰিয়তে ৰাজ্যখনক কৃষি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ মূল লক্ষ্যৰে অসম কৃষি আয়োগ গঠন কৰা হৈছে। অসম কৃষি আয়োগৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল অধ্যক্ষ ড০ এইচ এছ গুপ্তা, ড° নলীন মহন, প্ৰাঞ্জল প্ৰকাশ শৰ্মা, ড° অতুল চন্দ্ৰ শৰ্মা, ড০ নুৰুল হুছেইন, ড০ বি চি বাৰা, মানবেন্দ্ৰ শৰ্মা, ড০ প্ৰদীপ মেধী, ড০ হলধৰ দেৱ শৰ্মা। পৰিদৰ্শনৰ সময়চোৱাত আয়োগৰ প্ৰতিনিধি সকলক জিলা কৃষি বিষয়াৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী সকলে সংগ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...