‘অসম কৃষি আয়োগ’ৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে কি কৰিছে লখিমপুৰত?

লখিমপুৰত “অসম কৃষি আয়োগ”ৰ প্ৰতিনিধি দল, বুজ ল’লে কৃষক আৰু কৃষিৰ লগত জৰিত সমস্যাৰ অসম কৃষি আয়োগৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে দুদিনীয়া কাৰ্যসূচীৰে ২৫ এপ্ৰিলত লখিমপুৰ জিলাত উপস্থিত হয়। দলটোৱে প্ৰথমে জহিংস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে বিশেষ বাৰ্তালাপত মিলিত হয়।ইয়াৰ পাছত আয়োগৰ দলটোৱে লখিমপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত বিভাগীয় বিশেষজ্ঞ, বিষয়া কৰ্মচাৰী, একাংশ কৃষক আৰু FPCৰ সদস্য সকলৰ সৈতে এখন গুৰত্বপূৰ্ণ সভাত মিলিত হয়।

উক্ত সভাত জিলাখনৰ কৃষি ভূমিত চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, খেতি পথাৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ, কিদৰে শস্যক পোক প্ৰতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি, গাহৰি পালন, গাহৰি পালকসকলে সন্মুখীন হোৱা সমস্যা আৰু সমাধানৰ উপায়, খেতিয়কৰ উৎপাদন বৃদ্ধি, কৃষকৰ আয় বৃদ্ধিৰ লগতে কৃষি বাণিজ্য সম্প্ৰসাৰণৰ ও বজাৰ সৃষ্টি আদি বিষয়ত মত বিনিময় কৰে।

ইফালে ২৬ এপ্ৰিলৰ দিনা অসম চৰকাৰৰ অধীনস্থ কৃষি আয়োগৰ দলটোৱে প্ৰথমে জিলাখনৰ লালুক কৃষি চক্ৰৰ অন্তৰ্গত কৰুণাবাৰী বীজ পামত উপস্থিত হৈ প্ৰগতিশীল কৃষকসকলৰ সৈতে কৃষিখণ্ডত তেওঁলোক সন্মুখীন হোৱা সমস্যাৰ লগতে সমল সুবিধাসমূহৰ খতিয়ান লয়। তাৰ পিছত দলটোৱে নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ অধ্যক্ষসহিতে কাৰ্যবাহী সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত উদ্যানশস্য, মীন পালন, গাহৰি পালন আদি বিষয়ত দুয়োপক্ষই আলোচনা কৰে।

আগন্তুক সময়ত অসমৰ কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৰ্বাংগীণ বিকাশৰ জৰিয়তে ৰাজ্যখনক কৃষি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ মূল লক্ষ্যৰে অসম কৃষি আয়োগ গঠন কৰা হৈছে। অসম কৃষি আয়োগৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল অধ্যক্ষ ড০ এইচ এছ গুপ্তা, ড° নলীন মহন, প্ৰাঞ্জল প্ৰকাশ শৰ্মা, ড° অতুল চন্দ্ৰ শৰ্মা, ড০ নুৰুল হুছেইন, ড০ বি চি বাৰা, মানবেন্দ্ৰ শৰ্মা, ড০ প্ৰদীপ মেধী, ড০ হলধৰ দেৱ শৰ্মা। পৰিদৰ্শনৰ সময়চোৱাত আয়োগৰ প্ৰতিনিধি সকলক জিলা কৃষি বিষয়াৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী সকলে সংগ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...