অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ

দুখীয়া ৰাইজৰ এটি পকীঘৰ নিৰ্মাণ সপোনক সাকাৰ ৰূপ দিবৰ হেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)”ৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈকে মুঠ ১০,০২,৯৩৫ টা পকীঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাত অসমত এই আঁচনি ৰূপায়ণৰ কাম অধিক ক্ষিপ্ৰতৰ হৈ উঠিছে ৷

“প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)” ৰ পৰিসংখ্যাসমূহ এনেধৰণৰঃ-
✅ ২০১৬ চনৰ পৰা ০৯/০৫/২০২১ লৈকে নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে = ৪,০৪,৩০৪ টা
✅ ১০/০৫/২০২১ ৰ পৰা ২৬/০৪/২০২৩ লৈকে নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে = ৫,৯৮,৬২৭ টা
✅ কালিৰ দিনটোত নিৰ্মাণ হোৱা গৃহৰ সংখ্যা হৈছে = ৩,২১০ টা ৷

উল্লেখ্য যে, এই আঁচনিৰ অধীনত আৰু ৯ লাখ গৃহৰ নিৰ্মাণৰ কাম অব্যাহত আছে ৷

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...