ডায়েট ডিব্ৰুগড়ত লিংগ সংবেদনশীলতা সম্পৰ্কে সজাগতা সভা সম্পন্ন

ডিব্ৰুগড়ৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) মঙ্গলবাৰে শতাধিক প্ৰশিক্ষাৰ্থী আৰু প্ৰবক্তা সকলৰ উপস্থিতিত লিংগ সংবেদনশীলতা সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আকাম ফাউণ্ডেশ্যনৰ সঞ্চালিকা তথা বিশিষ্ট সমাজসেৱিকা ৰিতুপৰ্ণা নেওগ।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আদৰণী অভিভাষণত প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই শিক্ষাত লিংগ শিক্ষাৰ গুৰুত্ব তথা লিংগ বিভেদকামিতাক অধ্যয়ন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক কিদৰে সমভাৱে আগবঢ়ায় নিব পৰা যায় আৰু শিক্ষক সকলে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল’ব লাগে সেই সম্পৰ্কে উল্লেখ কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰিতুপৰ্ণা নেওগে তেওঁৰ ভাষণত উল্লেখ কৰে যে ভাৰতবৰ্ষৰ সংবিধান মতে স্বীকৃতি লাভ কৰা তৃতীয় লিংগৰ মৰ্যদা সম্পৰ্কত সমাজ ব্যৱস্থাত থকা অন্ধবিশ্বাসে আজিকোপতি বিৰূপ প্ৰভাৱ পেলাই আহিছে।

লগতে তেওঁ কয় যে পৃথিৱীত প্ৰত্যেকজন ব্যক্তিৰে আত্মমৰ্যাদা আৰু মত প্ৰকাশ কৰাৰ অধিকাৰ আছে। আত্মমৰ্যাদাত আঘাত হোৱাৰ ফলতেই বৰ্তমানলৈকে বহু লোকে নিজৰ জীৱন শেষ কৰি পেলাবলৈও কুণ্ঠাবোধ কৰা নাই। অন্যলোকৰ পৰা অকণমান পৃথক বাবেই তেওঁলোকে নিতৌ সমাজত নানা ধৰণৰ প্ৰতাৰণা, লাঞ্চনাৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত তেওঁলোক ব্যাপকভাৱে মানসিক দ্বন্দ্বত ভুগি আহিছে। ভাৰতবৰ্ষৰ সংবিধানেও ইতিমধ্যে তৃতীয় লিংগৰ বৈধতা প্ৰদান কৰিছে| গতিকে সংবিধানৰ সিদ্ধান্তক সন্মান জনোৱাতো আমাৰ এক কৰ্তব্য বুলি তেখেতে মন্তব্য প্ৰদান কৰে।

তদুপৰি বিদ্যালয় শিক্ষাত লিংগ শিক্ষাৰ সফল প্ৰয়োগ নহ’লে কোনো কোনো শিক্ষাৰ্থীৰ ভবিষ্যত জীৱন অন্ধকাৰময় হৈ পৰাৰো অৱকাশ থাকে। গতিকে শিক্ষা ব্যৱস্থাতো লিংগৰ বিভেদকামিতা দূৰ কৰাৰ ক্ষেত্ৰত সমাজৰ কৰণীয়খিনি তেওঁ ভাষণত স্পষ্ট ৰূপত দাঙি ধৰে| বি.এড. দ্বিতীয় ষান্মসিকৰ প্ৰশিক্ষাৰ্থী শৰ্মিষ্ঠা ৰাজগুৰুৱে আঁত ধৰা সভাখনত জ্যেষ্ঠ প্ৰবক্তা পৰাগ জ্যোতি বৰা, মনোজ কুমাৰ সিং চৌহান, তৃষ্ণা হাজৰিকা, প্ৰবক্তা দুলেন চন্দ্ৰ গোহাঁই, হেমন্ত কুমাৰ দত্ত, দীপামণি ফুকন, অনিমা গোস্বামী, স্বপ্নালী বৰুৱা, নিপামণি টায়ে, ৰঞ্জন বৰা, অজয় ভট্টাচাৰ্য, স্বৰাজ ফুকন আৰু সৰল কুমাৰ দাস উপস্থিত থাকে| সভাৰ শেষত প্ৰশিক্ষাৰ্থী, প্ৰবক্তা আৰু সমল ব্যক্তি ৰিতুপৰ্ণা নেওগৰ মাজত তৃতীয় লিংগৰ মৰ্যদা আৰু লিংগ সংবেদনশীলতা সম্পৰ্কে এক মনোজ্ঞ প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত হয়|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ...

মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬...

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কেনিয়া! আৰক্ষীৰ গুলীত নিহত ১১জন, সংঘৰ্ষত আহত আৰক্ষী

কেনিয়াত পুনৰ চৰকাৰবিৰোধী আন্দোলন গা কৰি উঠিছে। ৰাষ্ট্ৰপতি উইলিয়াম...

শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

পাকিস্তানৰ পিছত এইবাৰ ইজৰাইলেও বিচাৰিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড...