ডায়েট ডিব্ৰুগড়ত লিংগ সংবেদনশীলতা সম্পৰ্কে সজাগতা সভা সম্পন্ন

ডিব্ৰুগড়ৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) মঙ্গলবাৰে শতাধিক প্ৰশিক্ষাৰ্থী আৰু প্ৰবক্তা সকলৰ উপস্থিতিত লিংগ সংবেদনশীলতা সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আকাম ফাউণ্ডেশ্যনৰ সঞ্চালিকা তথা বিশিষ্ট সমাজসেৱিকা ৰিতুপৰ্ণা নেওগ।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আদৰণী অভিভাষণত প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই শিক্ষাত লিংগ শিক্ষাৰ গুৰুত্ব তথা লিংগ বিভেদকামিতাক অধ্যয়ন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক কিদৰে সমভাৱে আগবঢ়ায় নিব পৰা যায় আৰু শিক্ষক সকলে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল’ব লাগে সেই সম্পৰ্কে উল্লেখ কৰে। সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰিতুপৰ্ণা নেওগে তেওঁৰ ভাষণত উল্লেখ কৰে যে ভাৰতবৰ্ষৰ সংবিধান মতে স্বীকৃতি লাভ কৰা তৃতীয় লিংগৰ মৰ্যদা সম্পৰ্কত সমাজ ব্যৱস্থাত থকা অন্ধবিশ্বাসে আজিকোপতি বিৰূপ প্ৰভাৱ পেলাই আহিছে।

লগতে তেওঁ কয় যে পৃথিৱীত প্ৰত্যেকজন ব্যক্তিৰে আত্মমৰ্যাদা আৰু মত প্ৰকাশ কৰাৰ অধিকাৰ আছে। আত্মমৰ্যাদাত আঘাত হোৱাৰ ফলতেই বৰ্তমানলৈকে বহু লোকে নিজৰ জীৱন শেষ কৰি পেলাবলৈও কুণ্ঠাবোধ কৰা নাই। অন্যলোকৰ পৰা অকণমান পৃথক বাবেই তেওঁলোকে নিতৌ সমাজত নানা ধৰণৰ প্ৰতাৰণা, লাঞ্চনাৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত তেওঁলোক ব্যাপকভাৱে মানসিক দ্বন্দ্বত ভুগি আহিছে। ভাৰতবৰ্ষৰ সংবিধানেও ইতিমধ্যে তৃতীয় লিংগৰ বৈধতা প্ৰদান কৰিছে| গতিকে সংবিধানৰ সিদ্ধান্তক সন্মান জনোৱাতো আমাৰ এক কৰ্তব্য বুলি তেখেতে মন্তব্য প্ৰদান কৰে।

তদুপৰি বিদ্যালয় শিক্ষাত লিংগ শিক্ষাৰ সফল প্ৰয়োগ নহ’লে কোনো কোনো শিক্ষাৰ্থীৰ ভবিষ্যত জীৱন অন্ধকাৰময় হৈ পৰাৰো অৱকাশ থাকে। গতিকে শিক্ষা ব্যৱস্থাতো লিংগৰ বিভেদকামিতা দূৰ কৰাৰ ক্ষেত্ৰত সমাজৰ কৰণীয়খিনি তেওঁ ভাষণত স্পষ্ট ৰূপত দাঙি ধৰে| বি.এড. দ্বিতীয় ষান্মসিকৰ প্ৰশিক্ষাৰ্থী শৰ্মিষ্ঠা ৰাজগুৰুৱে আঁত ধৰা সভাখনত জ্যেষ্ঠ প্ৰবক্তা পৰাগ জ্যোতি বৰা, মনোজ কুমাৰ সিং চৌহান, তৃষ্ণা হাজৰিকা, প্ৰবক্তা দুলেন চন্দ্ৰ গোহাঁই, হেমন্ত কুমাৰ দত্ত, দীপামণি ফুকন, অনিমা গোস্বামী, স্বপ্নালী বৰুৱা, নিপামণি টায়ে, ৰঞ্জন বৰা, অজয় ভট্টাচাৰ্য, স্বৰাজ ফুকন আৰু সৰল কুমাৰ দাস উপস্থিত থাকে| সভাৰ শেষত প্ৰশিক্ষাৰ্থী, প্ৰবক্তা আৰু সমল ব্যক্তি ৰিতুপৰ্ণা নেওগৰ মাজত তৃতীয় লিংগৰ মৰ্যদা আৰু লিংগ সংবেদনশীলতা সম্পৰ্কে এক মনোজ্ঞ প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত হয়|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...