কি বিশেষত্ব আছে ডিব্ৰুগড় কাৰাগাৰত?

খালিস্তানী নেতা–সমৰ্থকেৰে ভৰিছে ডিব্ৰুগড় কাৰাগাৰ। শেহতীয়াকৈ অনা হ’ল ৱাৰিচ দেৰৰ নেতা অমৃতপাব সিঙক। কিন্তু কিয় অমৃতপাল সিংসহ ১০ নেতাক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ’ল…! কি আছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থাত…! আমি আজি এই প্ৰতিবেদনৰ জৰিয়তে দাঙি ধৰিম সকলো তথ্য।

দেশজুৰি চৰ্চাত ডিব্ৰুগড় কাৰাগাৰ
অমৃতপালসহ ১০ খালিস্তানী বন্দী ডিব্ৰুগড় কাৰাগাৰত
কিয় ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হ’ল খালিস্তানীক?

বৰ্তমান সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ ডিব্ৰুগড় কাৰাগাৰত। কাৰণ একেবাৰে স্পষ্ট। খালিস্তানী নেতা অমৃতপাল সিংসহ ১০ খালিস্তানী বন্দী হৈ আছে এইখন কাৰাগাৰত। কিন্তু…

কি বিশেষত্ব আছে ডিব্ৰুগড় কাৰাগাৰত?
তিহাৰ কাৰাগাৰতকৈও উন্নত নেকি ডিব্ৰুগড় কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা?

বৰ্তমান অগ্নিগৰ্ভা পঞ্জাব। খালিস্তানী নেতাৰ গ্ৰেপ্তাৰে উত্তপ্ত কৰি ৰাখিছে পঞ্জাব। পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা আছে। যাৰ বাবে ডিব্ৰুগড়লৈ অনা হৈছে খালিস্তানীক। অমৃতপাল সিংসহ ১০ খালিস্তানীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ লগে লগে দেশে–বিদেশে চৰ্চা লাভ কৰিছে কাৰাগাৰখনে। লগে লগে চৰ্চালৈ আহিছে ডিব্ৰুগড়ৰ গৌৰৱোজ্জ্বল ইতিহাস।

১৮৫৭চনত চিপাহী বিদ্ৰোহৰ সময়তে ব্ৰিটিছে ডিব্ৰুগড়ত কাৰাগাৰ নিৰ্মাণ আৰম্ভ কৰিছিল
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কাৰাগাৰ ডিব্ৰুগড় চেন্ট্ৰেল জে’ল
১৮৫৯ চনৰ পৰা কাযৰ্ক্ষম হৈছিল ব্ৰিটিছ শাসনৰ স্বাক্ষৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ
আৰম্ভণিতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আছিল ফাঁচীশাল

ব্ৰিটিছ আমোলত বহুতকে ফাঁচীকাঠত ওলমাই মৃত্যুদণ্ড দিয়া হৈছিল এই কাৰাগাৰত। অৱশ্যে স্বাধীনতাৰ পিছৰে পৰা কোনো কয়দী ফাঁচী দিয়া হোৱা নাই এই কাৰাগাৰত। বৰ্তমান ফাঁচীশাল উঠাই নিয়া হ’ল এই কাৰাগাৰ পৰা।

১৬৩বছৰ গৰকা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ ইতিহাসৰ বহু ঘটনা–পৰিঘটনাৰ সাক্ষী। চিপাহী বিদ্ৰোহ, স্বাধীনতা আন্দোলন, অসম আন্দোলন, আলফাৰ বিদ্ৰোহ, ‘কা’ আন্দোলন আদি ঘটনা প্ৰবাহৰ সাক্ষী হিচাপে গৌৰৱেৰে ডিব্ৰুগড়ৰ মাজমজিয়াৰ ফুলবাগানত থিয় হৈ আছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ।

বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰ আছে ২৪টা মেইল ৱাৰ্ড ৪টা ফিমেল ৱাৰ্ড
কাৰাগাৰখনত একেলগে থাকিব পাৰে ৬৮০ কয়দী

তদুপৰি কাৰাগাৰ ভিতৰত আছে কনফাৰেঞ্চ ৰুম। বিভিন্ন ধৰ্মৰ উপাসনা স্থলী, ধ্যানকেন্দ্ৰ, পুথিভঁৰা আৰু অপৰাধীক মূলসুঁতিলৈ আনিব পৰা বিভিন্ন থেৰাপী। ৰাষ্ট্ৰীয় সুৰক্ষা আইন(NSA)ৰ অধীনত গ্ৰেপ্তাৰ হোৱা অপৰাধীক ৰাখিব পৰাকৈ ব্যবস্থা আছে এই কাৰাগাৰত। কিছুবছৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈ আছিল আৰু বৰ্তমানো পঞ্জাৱৰ ১০ কয়দি NSA গোচৰতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আছে।

খালিস্তানীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা পাছতে অধিক শক্তিশালী কৰা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ নিৰাপত্তা বেষ্টনী। স্থাপন কৰা হৈছে নতুনকৈ বহু CCTV। তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কাৰাগাৰত। ইফালে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেটত কেন্দ্ৰীয় কাৰাগাৰখন খনিকৰলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাব গ্ৰহণ কৰিছে চৰকাৰে।

সময়ৰ লগত সলনি হৈছে ডিব্ৰুগড় কাৰাগাৰৰ পৰিৱেশ। আগন্তুক দিনতো এনে পৰিৱৰ্তন স্বাভাৱিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...