চাৰিগৰাকী বিশিষ্ট শিল্পী-সমাজকৰ্মী-অনুবাদকলৈ ‘গোলোক সন্মান’ প্ৰদান

অভিপ্সিত লক্ষ্যৰ সাধনাত নিমগ্ন হৈ থাকিবলৈ সন্মান-প্ৰাপকসকলক আহ৩ান ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ
গুৱাহাটী ঃ আজি কট×ন মহাবিদ্যালয়ৰ এলুমনাই হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰি গৰাকী বিশিষ্ট অনুবাদক, শিল্পী, গবেষক আৰু সমাজকমীৰ্ক ‘গোলোক সন্মান’ প্ৰদান কৰা হয়৷ সন্মান প্ৰদান কৰে বিশিষ্ট সাহিত্যিক-অনুবাদক আৰু সম্পাদক ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে৷ ‘সন্মান প্ৰদান ভাষণৰ আৰম্ভণিতে ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে গোলোক চন্দ্ৰ দত্তৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গুণৰাজিৰ কথা, বিশেষকৈ অনুবাদ সাহিত্যলৈ তেওঁৰ অৰিহণাৰ কথা, শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ গোস্বামীয়ে সন্মান প্ৰাপকসকলক এই উচ্ছ সন্মানপ্ৰাপ্তিৰ বাবে অভিনন্দন জনাই তেখেতসকলক গোটেই জীৱন নিষ্ঠাৰে নিজৰ অভিপ্সিত লক্ষ্যৰ সাধনাত নিমগ্ন হৈ থাকিবলৈ আহ৩ান জনায়৷ সন্মান প্ৰদানৰ চাৰিওটা বিষয় অনুবাদ, সংগীত, চিত্ৰকলা আৰু সমাজসেৱা বিষয়তো গোস্বামীয়ে চমু তথ্যপূৰ্ণ আলোচনা আৰু মন্তব্য আগ বঢ়ায়৷ স্থানীয় অনা-চৰকাৰী সংগঠন ইউ ডি ফাউণ্ডেচনে আৰম্ভ কৰা এই সন্মানৰ এয়া প্ৰথম বৰ্ষ৷ প্ৰথম বৰ্ষৰ বাবে সামাজিক কাম শিতানত দিয়া সন্মান গ্ৰহন কৰে তিতাবৰৰ চাহ-বাগিছা অঞ্চলত শিক্ষা প্ৰসাৰৰ বাবে কাম কৰি অহা শিক্ষয়ত্ৰী বিনীতা ৰাজপুতে৷ সন্মান গ্ৰহন কৰি দিয়া ভাষণত তেখেতে সামাজিক কামত আগবঢ়াই দিয়া তেখেতৰ মাতৃক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷ সংগীত শিতানত সন্মান লাভ কৰা মনজিৎ ৰাজকোঁৱৰে কয় যে এই সন্মানে তেখেতৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু কৰ্মোদ্যম বৃদ্ধি কৰিছে৷ সংগীতৰ ইতিহাসৰ অনাৱিস্কৃত অধ্যায়বোৰ উদ্ধাৰত তেখেতে অধিক সময় অতিবাহিত কৰিব বুলিও কয়৷ অনুবাদ শিতানত সন্মান লাভ কৰা ডঃ প্ৰাণজিত বৰাই কয় ‘গোলোক সন্মান’ৰ প্ৰাপ্তিয়ে আমাক ধন্য কৰিছে৷ যোৱা দিনবোৰত অনুবাদৰ ক্ষেত্ৰখনত কৰা আমাৰ সামান্য কামখিনিৰ প্ৰতি এই স্বীকৃতিয়ে এই ক্ষেত্ৰত আৰু আগুৱাই যোৱাৰ বাবে আমাক উদ্বুদ্ধ কৰিব৷ বহুকাল ধৰি অনুবাদৰ ক্ষেত্ৰখনত জড়িত হৈ থকাসূত্ৰে আমাৰ ধাৰণা দৃঢ় হৈছে যে অনুবাদ নিচক ভাষাগত নহয়, ই মূলতঃ এক বিপুল সাংস্কৃতিক কাৰবাৰ৷ অনুবাদৰ জৰিয়তে নিজ নিজ সাংস্কৃতিক বৈশিষ্ট্যৰে সকলো প্ৰান্তৰ মানুহ আপোন সাজত আপোন গৰিমাৰে ভাস্বৰ হৈ উঠাৰ মাধ্যমেৰে মানুহ যুক্ত হয় মানুহৰ সৈতে আৰু এনেদৰেই গঢ় লৈ উঠে অখণ্ড মানৱীয় ভাৱনা আৰু পৰিচয়ৰ বুনিয়াদ৷ অনুবাদ মোৰ বাবে সেয়ে অখণ্ড মানৱীয় ভাৱনা আৰু পৰিচয় অন্বেষণৰ সাধনা৷ মোৰ এই সাধনাৰ প্ৰতি আগবঢ়োৱা এই স্বীকৃতিয়ে মোক বাধিত কৰিছে৷’ অসমৰ বহু কিতাপৰ প্১২৬দ আৰু চিনেমাৰ পোষ্টাৰ অংকণ কৰা শিল্পী কলতাতাৰ প্ৰতিষ্ঠিত চিত্ৰশিল্পী আৰু এনিমেচন ছবি নিৰ্মাতা সৌৰীশ মিত্ৰই গ্ৰহন কৰিছে শিল্পকলা শিতানৰ সন্মান৷ তেখেতে কয় ‘অসমীয়া সাহিত্য আৰু চিনেমাৰ লগত মোৰ সম্বন্ধ বহু দিনৰ আৰু এই সম্বন্ধেৰে মই ঐশ্বৰ্যশালী হৈছোঁ৷ এই সন্মান মোৰ বাবে অকল উৎসাহ বা প্ৰেৰণাই নহয়, তাতকৈ বহু বেচি৷ এই সন্মানে মোক আৰু অধিক দায়বদ্ধ কৰি তুলিছে’৷
প্ৰখ্যাত আবৃত্তিকাৰ অবণী বৰাই আঁত ধৰা এই সন্মান প্ৰদান অনুষ্ঠান আৰম্ভ হয় বিশিষ্ট লেখক, গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰবৰ্তীৰ শ্ৰদ্ধাজ্ঞাপক ভাষণেৰে৷ ‘গোলোক চন্দ্ৰ দত্ত আছিল নতুন প্ৰজন্মৰ ওপৰত আশাবাদী আৰু নতুন লেখকৰ লেখা তেখেতে গভীৰ মনযোগেৰে অধ্যয়ণ কৰিছিল৷ নতুন প্ৰজন্মৰ সৃষ্টিশীল কৰ্মীক তেখেতৰ নামেৰে দিয়া এই সন্মান সঁচাকৈয়ে উপযুক্ত হৈছে’ – ব্যক্তিগত অভিজ্ঞতাৰ উল্লেখেৰে শ্ৰী চক্ৰবৰ্তীয়ে ভাষণ প্ৰসংগত এনেদৰে কয়৷
সন্মান প্ৰদান ভাষণৰ পূৰ্বে ডঃ দীনেশ চন্দ্ৰ গোস্বামীক ফাউণ্ডেচনৰ হৈ সম্ভাষণ প্ৰদান কৰে চিত্ৰশিল্পী ধনজিৎ দাসে৷ সন্মান প্ৰদানত ডঃ গোস্বামীক সহায় কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পংখী কাশ্যপে৷ অনুষ্ঠানত সন্মানপ্ৰাপকসকলৰ মানপত্ৰসমূহ গ্ৰহন কৰিবলৈ প্ৰাপকসকলৰ স্বামী আৰু পত্নীক অনুৰোধ কৰা হয় আৰু তেখেতসকলে আনন্দেৰে এই মানপত্ৰসমূহ গ্ৰহন কৰে৷
সন্মান প্ৰদৰ্শনৰ পাচতেই সংগীতানুষ্ঠানত চেতাৰত ভূপালী ৰাগ পৰিবেশন কৰে আনন্দ কুমাৰ দীক্ষিতে আৰু শিল্পীগৰাকীৰ সতে তবলা পৰিবেশন কৰে দেবাশীষ ভট্টাচাৰ্যই৷ অবণী বৰাই আগবঢ়োৱা শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে৷
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদকলিতা , নবীন বৰুৱা, মনিতা বৰগোহাঞি, দীপশিখা ভাগৱতী, চম্পক বৰ বৰা, অনুৰাধা শৰ্মা পূজাৰী, নবীন বৰুৱা, গীতালি বৰা, ডঃ মৃণাল গোশ্বামী, শান্তনু কৌশিক বৰুৱা, সঞ্জীৱ বৰা আদিকে ধৰি ভালেমান শিল্পী-সাহিত্যিক-সাংবাদিক এই সভাত উপস্থিত আছিল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...