শতাধিক বয়োজ্যেষ্ঠক সেৱাৰে খানাপাৰাত ব্যতিক্রমী ‘মা’ অনুষ্ঠান

অভিনয়েৰে সকলোকে হাঁহিৰ খোৰাক যোগাই অহা কে কে বুলি খ্যাত সিদ্ধার্থ শৰ্মাক শনিবাৰে হঠাৎ দেখা গ’ল আবেগিক ৰূপত এক অনুষ্ঠানত মাতৃক ৰোমন্থন কৰি আবেগিক হৈ পৰে অভিনেতা সিদ্ধার্থ শর্মা। মাতৃক নিঃস্বার্থ সেৱাৰ বাবেই ‘মা’ সংগঠনে জনপ্রিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ অভিনেতা সিদ্ধার্থ শৰ্মাক প্রদান করে ২০২২ বৰ্ষৰ শ্ৰৱণ কুমাৰ বঁটা।

গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্রেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় ‘মা’ অনুষ্ঠান। লখিমপুৰৰ বিশিষ্ট সমাজসেৱী গোবিন বৰদলৈৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল হোৱাৰ সন্দৰ্ভত সচেতন কৰি তোলাৰ প্ৰয়াস কৰা হয়। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পিতৃ- মাতৃক শুশ্রূষাৰ বাবে প্রসিদ্ধ ঐতিহাসিক চৰিত্র শ্রবণ কুমাৰৰ নামত এই বঁটা প্ৰদান কৰা হয়। বঁটাত আছিল স্মাৰক, অংগবস্তুব লগতে ১০ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ । অনুষ্ঠানত অসমৰ মুখ্য তথ্য আয়ুক্ত তথা ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি একোজন ব্যক্তিৰ জীৱন গঢ়াত মাতৃ-পিতৃৰ অৱদানৰ কথা উল্লেখ কৰে। অনুষ্ঠানত জোষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, চিন্তাবিদ ময়ূৰ কৰাৰ লগতে মহাবিদ্যালয়ৰখনৰ ডীন ডাঃ বিবেকানন্দ শ‍ইকীয়া বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ইন্দ্ৰাণী গগৈয়ে মাতৃক লৈ ৰচিত দুটি গীত পৰিৱেশন কৰে।

‘মা’ অনুষ্ঠানৰ মূল উদ্যোক্তা গোবিন বৰদলৈয়ে এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত সদৰি কৰে। এই অনুষ্ঠানৰ যোগেদি ড্রাগছৰ বিৰুদ্ধে ছাত্র-ছাত্রীসকলক সচেতন কৰি তোলাৰ প্ৰয়াস কৰা হয়। উল্লেখ্য যে গোবিন বৰদলৈয়ে ৰাজ্যৰ লগতে পূব ভাৰতৰ কেইবাখনো বিশ্ববিদ্যালয়সহ মুঠ ২৩৬খন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। তিনি দশক পূর্বে ১১ হাজাৰ ভল্টৰ তাঁৰত লাগি শৰীৰৰ বিভিন্ন অংশ জ্বলি যোৱা বৰদলৈয়ে পৰৱৰ্তী সময়ছোৱাত ‘মা’ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ‘মা’ অনুষ্ঠানৰ উদ্যোগত শতাধিক বয়োজ্যেষ্ঠ মহিলা-পুৰুষক মান ধৰি সেৱা আগবঢ়োৱা হয়। লখিমপুৰৰ ব্যৱসায়ী গোবিন বৰদলৈয়ে বিগত প্ৰায় তিনিটা দশক ধৰি নিজৰ ব্যক্তিগত উদ্যোগত শিক্ষানুষ্ঠানসমূহত এই ব্যতিক্রমী কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানত ৰটাৰী ক্লাৱৰ গুৱাহাটী দক্ষিণ, সদিচ্ছা আদি সংগঠনৰ বিষয়ববীয়াৰ লগতে পশু চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...