নিৰ্ধাৰিত সময়ত মথাউৰিৰ কাম সমাপ্ত কৰিবলৈ বিভাগীয় অভিযন্তা-ঠিকাদাৰক নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

তামুলপুৰত পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তামুলপুৰ সমষ্টিৰ অন্তৰ্গত দুটা অঞ্চল ভ্ৰমণ কৰি পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে হাঁহকটা অঞ্চলত নিৰ্মীয়মান পাগলাদিয়া নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বিগত বাৰিষাত অঞ্চলটোত মথাউৰি চিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল । বিভাগীয়ভাৱে প্ৰায় ১৬ কোটি টকা ব্যয়েৰে মথাউৰিৰ চিগা অংশ মেৰামতি কৰাৰ লগতে মথাউৰি ওখ আৰু শক্তিশালী কৰাৰ কাম চলি আছে । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশনা প্ৰদান কৰে ।

পাছত মন্ত্ৰী হাজৰীকাই ভোলাঝাৰ অঞ্চলত উপস্থিত হৈ অঞ্চলটোত নিৰ্মীয়মান শুক্লাই নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । অঞ্চলটোত বিগত বানত চিঙা মথাউৰি মেৰামতি আৰু ওখ কৰাৰ বাবে জলসম্পদ বিভাগৰ পৰা প্ৰায় ৪.৯ কোটি টকাৰ আঁচনি গ্ৰহণ কৰি কাম কৰি থকা হৈছে ।

মন্ত্ৰীগৰাকীৰ সৈতে আজিৰ পৰিদৰ্শনকালত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...