বন-ঘৰচীয়া ঘোঁৰাই সৌন্দৰ্য বৃদ্ধি কৰিছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ

বন-ঘৰচীয়া ঘোঁৰাই সৌন্দৰ্য বৃদ্ধি কৰিছে জৈৱ বৈচিত্ৰ্যত সমৃদ্ধ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। শেহতীয়াকৈ এই ঘোঁৰাৰ জাক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই গৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিভিন্ন চৰ-চাপৰিত অৱস্থান কৰা পৰিলক্ষিত হৈছে।

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰখ্যাত বন-ঘৰচীয়া ঘোঁৰাৰ বাবে
ভাৰতৰ একমাত্ৰ ডিব্ৰু ছৈখোৱাতে পোৱা যায় বন-ঘৰচীয়া ঘোঁৰা
২য় বিশ্বযুদ্ধৰ সময়ত সেনাই এৰি যোৱা ঘোঁৰাই হৈ পৰিছিল বনৰীয়া
ৰাষ্ট্ৰীয় উদ্যান এৰি বিভিন্ন চৰ-চাপৰিলৈ ওলাই গৈছে বন-ঘৰচীয়া ঘোঁৰা
জোনাইৰ নদীদ্বীপ কবু চাপৰি, শিৱগুৰিত এনে ঘোঁৰাৰ মুক্ত বিচৰণ


অস্তিত্বৰ সংকটত ভুগিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন ঘৰচীয়া ঘোঁৰা। ২য় বিশ্বযুদ্ধৰ সময়তে মিত্ৰ বাহিনীৰ সেনাই এৰি থৈ যোৱা ঘোঁৰাৰ জাক পৰৱৰ্তী সময়ত অৰণ্যৰ ভিতৰত বিচৰণ কৰি বনৰীয়া হৈ পৰে। ডিব্ৰু ছৈখোৱাত পোৱালি জগাই কেইবাটাও প্ৰজন্মৰে এই ঘোঁৰাবোৰৰ চৰিত্ৰ বনৰীয়া হৈ পৰিছে যদিও এই ঘোঁৰাসমূহ বন-ঘৰচীয়া বুলিয়ে প্ৰখ্যাত। কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ঘোঁৰাবোৰ ওলাই গৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে বিভিন্ন চৰ-চাপৰিত বিচৰণ কৰা পৰিলক্ষিত হৈছে। ঘোঁৰাবোৰৰে এটা জাকে ইতিমধ্যে ব্ৰহ্মপুত্ৰ পাৰ হৈ নদীদ্বীপ কবু চাপৰি, শিৱগুৰিত বিচৰণ কৰা প্ৰত্যক্ষ হৈছে।

কবু চাপৰিত ২০টাৰো অধিক বন-ঘৰচীয়া ঘোঁৰাৰ জাক
শিৱগুৰিত ৫০টাৰো অধিক ঘোঁৰাৰ মুক্ত বিচৰণ
পূৰ্বে ডিব্ৰুগড়ৰ সমীপৰ মহাবাহু চাপৰিত দেখা গৈছিল ঘোঁৰাৰ জাক


খাদ্যৰ সন্ধানত ওলাই অহা এই ঘোঁৰাবোৰৰ ৰক্ষণাৱেক্ষণৰ বাবে স্থানীয় ৰাইজে বন বিভাগক দাবী জনাইছে। এই বন-ঘৰচীয়া ঘোঁৰাৰ জাকত দুৰ্লভ বগা ঘোঁৰাও পৰিলক্ষিত হৈছে। ঘোঁৰাখিনি পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ বক্ষলৈ ওভতাই নপঠিয়ালেঘোঁৰাবোৰ চোৰাং চিকাৰীৰ আক্ৰমণৰ বলি হোৱাৰ আশংকা নথকা নহয়। জোনাইৰ পৰা সত্য হাজৰিকা,

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস।কনভয়ত ৫০% বাহন হ্ৰাস...

পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ স্বাস্থ্য

উন্নত পৰ্যবেক্ষণৰ বাবে অৱশ্যে এতিয়াও অজিত কুমাৰ ভূঞাক ৰখা...

অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত...

চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।প্ৰথমখন...