ৰাজ্যৰ ক’ত ক’ত নতুন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়?

অজন্তা নেওগৰ বাজেটত ঘোষণা কৰা হৈছে বহু বিলাক অভিলাষী আঁচনি। প্রস্তাৱ কৰা হৈছে শিক্ষানুষ্ঠানৰ বিকাশৰ বাবে বহু নতুন নতুন ঘোষণা। ৰাজ্যৰ ক’ত ক’ত নতুন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় ঘোষিত হ’ল বাজেটত। সেই সন্দৰ্ভত এক প্রতিবেদন।

বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰা ২০২৩–২৪ চনৰ ৰাজ্যিক বাজেটত শিক্ষাখণ্ডত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ ৮খন মহাবিদ্যালয় উন্নীত হ’ব বিশ্ববিদ্যালয়লৈ। বিশ্ববিদ্যালয় হ’ব শিৱসাগৰ কলেজ, কোকৰাঝাৰ কলেজ, বঙাইগাঁও কলেজ। জেবি কলেজ, উঃ লখিমপুৰ কলেজ সন্দিকৈ ছোৱালী কলেজো উন্নীত হ’ব বিশ্ববিদ্যালয়লৈ। নগাঁও কলেজ, শিলচৰৰ জিচি কলেজো হ’ব বিশ্ববিদ্যালয়। গহপুৰত স্থাপন হ’ব কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়। ওদালগুৰিত হ’ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপগ্ৰহীয় চৌহদ।

পূৰ্বে মুখ্যমন্ত্রীয়ে ঘোষণা কৰি থৈছিল যে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৬খনলৈ বৃদ্ধি কৰা হ’ব। সেই অনুসৰিয়েই বিত্তমন্ত্রীয়ে সদনত বাজেট বক্তৃতাতত ঘোষণা কৰিলে শিৱসাগৰ, কৰিমগঞ্জত হ’ব নতুন চিকিৎসা মহাবিদ্যালয়। ৰাজ্যত স্থাপন হ’ব ৯খনকৈ নতুন নাৰ্ছিং কলেজ। ডিফু, যোৰহাট, তেজপুৰ, লখিমপুৰ, নগাঁৱত হ’ব নাৰ্ছিং কলেজ। নলবাৰী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰীতো হ’ব নাৰ্ছিং কলেজ।

তদুপৰি বিত্তমন্ত্ৰীয়ে সদনত ঘোষণা কৰা অনুসৰি ৰাজ্যৰ ৭১৬ বিদ্যালয়ক কৰা হ’ব উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ। ২১৪খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১১৯খন আদৰ্শ বিদ্যালয় স্থাপনৰ ব্যৱস্থা।

ৰাজ্যৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘প্ৰজ্ঞা ভাৰতী’ৰ ধন মুকলি কৰি দিয়া হ’ব বুলিও বিত্তমন্ত্ৰীয়ে সদনত বৃহস্পতিবাৰে মঙলদৈত ১,০১৬ কোটি টকাৰে দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ চলি আছে বুলিও বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত জানিবলৈ দিয়ে। এই ঘোষণাসমূহ বাস্তৱায়িত হ’লে ৰাজ্যৰ শিক্ষাখণ্ডত আমোল পৰিৱৰ্তন হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...