বিশিষ্ট শিক্ষয়িত্ৰী অকনমানি বৰুৱা গগৈ প্ৰয়াত; গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান

টিয়ক নিবাসী বিশিষ্ট শিক্ষয়িত্ৰী , মানৱহিতৈষী হাওৰাঘাট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষয়িত্ৰী অকনমানি বৰুৱা গগৈ আজি পুৱা চাৰি বজাত হাওৰাঘাটৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ। তেখেতে দুগৰাকী পুত্ৰ, বোৱাৰী, এগৰাকী জী-জোঁৱাই লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক অকনমানি বৰুৱা গগৈৰ শেষ ইচ্ছা অনুসৰি আজি ২০ জানুৱাৰী, ২০২৩ তাৰিখে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। এই ক্ষেত্ৰত প্ৰয়াত মহিলা গৰাকীৰ পুত্ৰ জ্যেষ্ঠ পুত্ৰ ধীৰু গগৈ কনিষ্ঠ পুত্ৰ তথা ৰাইজৰ দলৰ প্ৰচাৰ সচিব দেবাংগ সৌৰভ গগৈ, জীয়ৰী সাংবাদিক মনালিছা গগৈৰ উদ্যোগ আছিল প্ৰশংসনীয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ অকনমানি বৰুৱা গগৈৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপক ডা: সত্যজিৎ মিত্ৰই। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ জয়দেব শৰ্মা, এনাটমী বিভাগৰ অধ্যাপক অধ্যাপিকাসহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্রী।

মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্তই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত পৰিয়ালৰ সদস্য সকলৰ উপৰিও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া সম্পাদক চিন্ময় বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৈর্য কোঁৱৰ সমন্বিতে বহু বিশিষ্ট ব্যক্তি, ইলোৰা বিজ্ঞান মঞ্চৰ যুগ্ম সম্পাদক প্ৰনবজ্যোতি ডেকা, কোষাধ্যক্ষ ডা০ বাসুদেব দাস, মনোজ ৰায় প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী শিক্ষয়িত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক অকনমানি বৰুৱা গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য শিক্ষিকা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...