বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ মনোনীত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ফিফাই

বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ মনোনীত চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ফিফাই। আশ্চৰ্যজনকভাৱে ১৪জনীয়া এই তালিকাত নাই পৰ্তুগীজ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ড’। তালিকাত আছে বিশ্বজয়ী আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছি। বিশ্বকাপ নেখেলিলেও বিগত বৰ্ষৰ বেলন ডিঅ’ৰ জয়ী কৰিম বেঞ্জেমাও আছে তালিকাত। স্থান পালে লুকা মদ্ৰিছ, নেইমাৰ, এমবাপে, লেৱানড’স্কিও। মহম্মদ ছালাহ, ছাদিঅ’ মানেও পালে এই তালিকাত স্থান। কিন্তু ৫ বাৰৰ বেলন ডিঅ’ৰ জয়ী তথা দ্য বেষ্ট বঁটাজয়ী ৰোণাল্ড’ক স্থান দিয়া নহ’ল এই তালিকাত। বৰ্ষশ্ৰেষ্ঠ তালিকাত ৰোণাল্ড’ৱে স্থান নোপোৱাত স্বাভাৱিকতে অবাক হৈ পৰিছে অনুৰাগী। ৩ ফেব্ৰুৱাৰী পৰ্যন্ত পাব্লিক ভোটিং গ্ৰহণ কৰি ২৭ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ফিফাই প্ৰকাশ কৰিব বৰ্ষশ্ৰেষ্ঠ খেলুৱৈজনৰ নাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...

এছিয়ান গেমছত উজ্জীৱিত ভাৰত; মাৰাথন, শ্বুটিঙৰ পৰা আহিল ভাল খবৰ

জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ৰ সপ্তম দিনটোত ভাৰতীয় দললৈ...

‘অশান্ত অঞ্চল’ ; উত্তৰ-পূবৰ কোন কোন স্থানক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ?

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন,...